কানাডাৰ ৱেন ইউ জাঙক পোনপটীয়া খেলত পৰাস্ত কৰি মঙলবাৰে ছিংগাপুৰ অ’পেন ছুপাৰ ৭৫০ বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে। মাত্ৰ ৩১ মিনিটতে সিন্ধুৱে ২১-১৪,২১-৯ত জয়ী হয়।
দ্বিতীয় ৰাউণ্ডত বিশ্বৰ পাঁচ নম্বৰ আৰু টকিঅ’অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী চীনৰ চেন ইউ ফেইৰ বিৰুদ্ধে খেলিব। অৱশ্যে প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱাৰ পিছত ভাৰতৰ প্ৰিয়ংশু ৰাজাৱত, কিৰণ জৰ্জ, আনমোল খাৰব, মালবিকা বনছোদ বাহিৰ হয়।
মালবিকাক পৰাস্ত কৰে অষ্টম স্থানৰ থাইলেণ্ডৰ সুপানীদা কেথঙে ১৪.২১, ২১.১৮, ২১.১১ত পৰাস্ত কৰাৰ বিপৰীতে প্ৰিয়ংশুক সপ্তম স্থানৰ জাপানৰ কোদাই নাৰাওকাই ১৪-২১, ২১-১০, ২১-১৪ত পৰাস্ত কৰে। মিক্সড ডাবলছত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু তানিছা ক্ৰাষ্টো চীনৰ চেং শ্বিং আৰু জাং চিৰ হাতত ২১-১৮,২১-১৩ ত পৰাস্ত হয়।