ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক শুভমান গিল

ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া পাঁচখন মেচৰ শৃংখলাৰ পূর্বে শনিবাৰে ভাৰতৰ নতুন টেষ্ট অধিনায়ক হিচাপে শুভমান গিলক নিযুক্তি দিয়াৰ বিপৰীতে ঋষভ পণ্টক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়৷ দলৰ নেতৃত্বৰ ওপৰত নিৰ্বাচকসকলৰ এই সিদ্ধান্ত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পিছত লোৱা হৈছে। যুৱ বাওঁহাতৰ বেটছমেন বি ছাই সুধৰচনক প্ৰথমবাৰৰ বাবে টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হয়। ৭ বছৰৰ মূৰত পুনৰ ৰাষ্ট্ৰীয় দললৈ ঘূৰি আহিছে কৰুণ নাইৰ।

দ্ৰুত বলাৰ মহম্মদ ছামীক দলৰ পৰা বাদ দিয়া হৈছে। এই দীঘলীয়া ছিৰিজৰ বাবে তেওঁক যথেষ্ট ফিট বুলি গণ্য কৰা হোৱা নাছিল। দল ঘোষণাৰ পাছত বাছনিৰ অধ্যক্ষ অজিত আগৰকাৰে কয় যে যোৱা বছৰ বা তাৰ আগতেও আমি শুভমানক নেতৃত্বৰ বাবে চাবলৈ আৰম্ভ কৰিছিলো। আমি বিশ্বাস কৰোঁ যে তেওঁ ইয়াৰ বাবে সৰ্বোত্তম ফিট। আমি তেওঁক আন্তৰিক শুভেচ্ছা জনাইছো। ছামীৰ বিষয়ে তেওঁ কয় যে তেওঁৰ কামৰ বোজা যিমান হ’ব লাগে সিমান নহয়।

আমি আশা কৰিছিলো যে তেওঁ উপলব্ধ হ’ব, কিন্তু সেয়া দুৰ্ভাগ্যজনক। এই মুহূৰ্তত তেওঁ সম্পূৰ্ণ ফিট নহয়। অষ্ট্ৰেলিয়া ভ্ৰমণ দলৰ পৰা বাদ পৰিছে হৰ্ষিত ৰানা আৰু ছৰফৰাজ খান। ভাৰতীয় দলটোত আছে-শুভমান গিল, ঋষভ পণ্ট, যশস্বী জয়ছৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, অভিমন্যু ইয়াশ্বৰন, কৰুণ নাইৰ, নীতিশ ৰেড্ডী, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল, ৱাশ্বিংটন সুন্দৰ, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ, আৰ্ষদ্বীপ সিং আৰু কুলদীপ যাদৱ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *