এসপ্তাহৰ ভিতৰতে ভাৰতীয় ক্ৰিকেটে দুটা ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ৰোহিত শৰ্মাৰ পিছত এতিয়া বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। সোমবাৰে তেওঁ ইনষ্টাগ্ৰামত পোষ্ট কৰি এই তথ্য প্ৰদান কৰে। যোৱা কেইদিনমানৰ পৰা সংবাদ মাধ্যমত চৰ্চা চলিছিল যে কোহলীয়ে বিচিচিআইক অৱসৰৰ বিষয়ে অৱগত কৰিছে যদিও বিচিচিআইয়ে তেওঁক আগন্তুক ইংলেণ্ড টেষ্ট শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ কৈছে। অৱশ্যে কোহলীয়ে টেষ্টৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লয়। ভাৰতৰ বাবে এইটো এটা ডাঙৰ আঘাত কিয়নো বুধবাৰে (৭ মে’) নিয়মীয়া অধিনায়ক ৰোহিতেও টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰে। এসপ্তাহৰ ভিতৰতে দুগৰাকী কিংবদন্তি খেলুৱৈয়ে অৱসৰ লোৱাত অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে। ইয়াৰ লগে লগে ভাৰতীয় টেষ্ট ক্ৰিকেটৰ এটা অধ্যায়ৰ অন্ত পৰিল। অহা মাহত ইংলেণ্ড ভ্ৰমণৰ কথা ভাৰতৰ। এই সময়ছোৱাত দলটোৱে পাঁচখন খেলৰ টেষ্ট শৃংখলা খেলিব। বিৰাটে নিজৰ পোষ্টত লিখিছে, ‘১৪ বছৰ পূৰ্বে টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে নীলা জাৰ্চি পিন্ধিছিলো।
সঁচা কথা ক’বলৈ গ’লে এই ফৰ্মেটে মোক এনে যাত্ৰাত লৈ যাব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলো। ই মোক পৰীক্ষা কৰিছিল, মোক পৰিচয় দিছিল আৰু মই গোটেই জীৱন লগত কঢ়িয়াই লৈ যোৱাৰ পাঠ শিকাইছিল। বগা জাৰ্চি পিন্ধি খেলাটো মোৰ বাবে এক অতি বিশেষ আৰু ব্যক্তিগত অভিজ্ঞতা। খেলখনৰ বাবে, খেলপথাৰৰ অনুৰাগীবোৰৰ বাবে, আৰু এই যাত্ৰাত মোক সহায় কৰা প্ৰতিজন ব্যক্তিৰ বাবে মই কৃতজ্ঞ। মই সদায় হাঁহি হাঁহি মোৰ টেষ্ট কেৰিয়াৰলৈ উভতি চাম।’ এতিয়া বিৰাটক কেৱল এদিনীয়া খেলতহে খেলা দেখা যাব। যোৱা বছৰ টি-২০ বিশ্বকাপত টিম ইণ্ডিয়াই জয়লাভ কৰাৰ পাছত তেওঁ টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। মুঠতে কোহলীয়ে ১২৩খন টেষ্ট খেলি ২১০ ইনিংছত ৪৬.৮৫ গড়ে ৯২৩০ ৰান সংগ্ৰহ কৰে। ইয়াৰ ভিতৰত ৩০ শতক আৰু ৩১টা অৰ্ধশতক অন্তৰ্ভুক্ত। টেষ্ট কেৰিয়াৰত কোহলীয়ে মুঠ ১০২৭টা চাৰি আৰু ৩০টা ছয় আছে।
ইয়াৰ উপৰিও টি-২০ ইণ্টাৰনেশ্যনেলত তেওঁ ১২৫খন মেচত গড়ে ৪৮.৭ আৰু ১৩৭.০৫ ষ্ট্ৰাইক ৰেটত ৪১৮৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ ভিতৰত এটা শতক আৰু ৩৮টা অৰ্ধশতক অন্তৰ্ভুক্ত। এদিনীয়াত কোহলীয়ে ৩০২খন মেচত গড়ে ৫৭.৮৮ আৰু ষ্ট্ৰাইক ৰেট ৯৩.৩৫ত ১৪১৮১ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত ৫১টা শতক আৰু ৭৪টা অৰ্ধশতক অন্তৰ্ভুক্ত। কোহলীয়ে তিনিওটা ফৰ্মেটতে টিম ইণ্ডিয়াৰ অধিনায়কত্বও কৰিছে। ধোনিৰ অৱসৰৰ পিছত ২০১৪ চনত অষ্ট্ৰেলিয়া ভ্ৰমণত প্ৰথমবাৰৰ বাবে অধিনায়ক হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেতিয়াৰ পৰা ২০২২ চনত দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈকে তেওঁ টেষ্টত অধিনায়ক হিচাপে থাকে। একে সময়তে ২০২১ চনত টি-২০ আৰু এদিনীয়াৰ অধিনায়কত্ব আছিল। ২০১১ চনৰ ২০ জুনত ছাবিনা পাৰ্কত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায় কোহলীয়ে। তেওঁ এইবাৰ ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শেষ টেষ্ট খেলিছিল।