ৰাজ্যৰ ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ৰাজ্যৰ কিছু কিছু ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ সময়ত অনিয়ম হোৱাৰো অভিযোগ উত্থাপন হৈছে। ভোটদানৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে আজি প্ৰথম প্ৰৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন স্থানত সংঘটিত হয় নিৰ্বাচনী হিংসা। লগতে বহু ভোটকেন্দ্ৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।পুৱা ৭.৩০ বজাৰ পৰা ৰাজ্যৰ ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত পুনৰ ভোট গ্ৰহণ আৰম্ভ হৈছে। গোলাঘাট, লখিমপুৰৰ দুটা, শ্ৰী ভূমিত ৮ টা, মাজুলীত এটা, হাইলাকান্দিত ৩১ টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *