কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডত গ্ৰাম্য হোমষ্টেক উদগনি যোগোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত অঞ্চলটোৰ পাঁচটা গ্ৰাম্য হোমষ্টেক সৌৰ ইনভাৰ্টাৰ বিতৰণ কৰা হয় ।পাৰিপাৰ্শ্চিকভাৱে সংবেদনশীল অঞ্চলত অংশগ্ৰহণমূলক প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা (এন আৰ এম)ৰ প্ৰসাৰৰ লগতে বহনক্ষম জীৱিকা শক্তিশালী কৰাৰ বাবে আৰণ্যকে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশ হিচাপে কাজিৰঙা-কাৰ্বি আংলং ভূ-খণ্ডৰ অন্তৰ্গত কহঁৰাৰ পাঁচটা হোমষ্টে ক্ৰমে মাৰ্গাৰেট হোমষ্টে, প্ৰীতি হোমষ্টে, অঞ্জনা হোমষ্টে, কাৰেং হোমষ্টে আৰু চাৰ্মে হোমষ্টেক সৌৰ ইন্…ভাৰ্টাৰ প্ৰদান কৰা হয়।
বহনক্ষম জৈৱ পৰ্যটন প্ৰকৃতিভিত্তিক পৰ্যটনৰ এক প্ৰকাৰ যি অঞ্চলটোৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক সম্পদৰ ওপৰত পৰ্যটনৰ নেতিবাচক প্ৰভাৱ লাঘৱ কৰাৰ লগতে স্থানীয় সমূদায়ক অৰ্থনৈতিক আৰু সামাজিকভাৱে উপকৃত কৰে। শেহতীয়াকৈ কাজিৰঙা ভ্ৰমণৰ সময়ত প্ৰথিতযশা অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা নন্দিতা দাসে ইনভাৰ্টাৰ বিতৰণৰ এটা প্ৰাৰম্ভিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁৰ অংশগ্ৰহণে তৃণমূল পৰ্যায়ৰ বহনক্ষমতা পদক্ষেপসমূহক উৎসাহিত কৰাৰ লগতে স্থানীয় সমূদায় চালিত সংৰক্ষণ পৰ্যটন আৰ্হিৰ গুৰুত্বক আৰু অধিক সবল কৰি তোলে।
কাৰেং হোমষ্টেৰ গৰাকী কাৰেং ৰংপিপী নামৰ হিতাধিকাৰী গৰাকীয়ে কয়, “আমি প্ৰায়ে সন্মুখীন হোৱা বিদ্যুৎ কৰ্তনৰ সমস্যাই আমাৰ অতিথিসকলৰো আৰাম বিঘ্নিত কৰিছিল। সৌৰ ইনভাৰ্টাৰৰ সহায়ত এতিয়া নিৰ্বিঘ্নে হোমষ্টে চলোৱাৰ লগতে অতিথি সকলক উন্নত সুবিধা প্ৰদান কৰিব পাৰিম বুলি আমাৰ প্ৰত্যয় জন্মিছে।”