ভাৰতৰ প্ৰিমিয়াৰ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ প্লেটফৰ্ম ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ অধিক বৃহত্ আৰু অধিক ৰোমাঞ্চকৰ ছিজন ২ৰ বাবে সাজু হৈছে। ২০২৫ৰ ২৪ এপ্ৰিলত ৰাইডাৰ পঞ্জীয়নৰ উইণ্ডো মুকলিৰ লগে লগে এই লীগে তীব্ৰ প্ৰতিদ্বন্দ্বিতা, নতুন আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰ আৰু বিশ্ব তাৰকাৰ প্ৰতিশ্ৰুতি দিছে। বিশ্বৰ ৯খন দেশৰ ১০০ জনতকৈ অধিক খেলুৱৈক আকৰ্ষণ কৰা উদ্বোধনী ছিজনৰ সফলতাৰ পিছত আইএছআৰএলে বিশ্বব্যাপী মটৰস্প’ৰ্টছ হাব হিচাপে নিজৰ স্থান দ্ৰুতগতিত সুদৃঢ় কৰি তুলিছে।
ছিজন ২-ৰ উল্লেখযোগ্য দিশসমূহৰ ভিতৰত অন্যতম হৈছে বলীউডৰ চুপাৰষ্টাৰ ছলমান খানক অফিচিয়েল ব্ৰেণ্ড এম্বেছাদৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে লীগত নিয়োজনতা আৰু আবেদন বৃদ্ধি কৰিলে।”ছিজন ১ মাত্ৰ আৰম্ভণিহে আছিল। আমি আৰম্ভণি বৰ্ষতে গঢ়ি তোলা গতি-আবেগক অনুৰণিত কৰি ছিজন ২ৰ এক অনন্য যাত্ৰাৰ বাবে সাজু হৈছে”, আইএছআৰএল-ৰ সহ-প্ৰতিষ্ঠাপক ঈশান লোখণ্ডেই এইদৰে কয়। আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰৰ অনুসন্ধান-অন্তৰ্ভুক্তিয়ে লীগৰ বিশ্বজোৰা আগ্ৰহ বৃদ্ধি কৰিছে।
আইএছআৰএলৰ ছিজন ১-এ মাত্ৰ ৩ দিনত ৩০,০০০-ৰো অধিক অনুৰাগী আৰু ১১.৫ মিলিয়ন দৰ্শকৰ অভিলেখ সৃষ্টিকাৰী উপস্থিতিৰে এক ঐতিহাসিক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। এই সফলতাই ভাৰতত ক্ৰীড়াৰ বিকাশৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছিল, যিয়ে মটৰস্পৰ্ট খেলুৱৈসকলৰ উন্নতিৰ বাবে এক পেছাদাৰী মঞ্চৰ সৃষ্টি কৰিছিল। গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰ অনুৰাগীসকলে পৰৱৰ্তী ছিজনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। মটৰস্পৰ্টৰ প্ৰতি বৰ্ধিত আগ্ৰহৰ সৈতে অসমৰ বজাৰখনেও অধিক আগ্ৰহ প্ৰদৰ্শন কৰিছে, ভাৰতত চুপাৰক্ৰছ ৰেচিঙৰ সম্প্ৰসাৰিত আগ্ৰহ-আবেদনৰ ওপৰত অধিক আলোকপাত কৰিছে। আইএছআৰএল-এ এই উৎসাহক নতুন শিখৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে যাতে সমগ্ৰ অঞ্চলৰ পৰা আৰু অধিক অনুৰাগী কঢ়িয়াই আনিব পৰা যায়। ৰাইডাৰসকলে এতিয়া আগন্তুক ছিজনৰ বাবে পঞ্জীয়ন কৰিব পাৰিব, ৪৫০চিচি ইণ্টাৰনেচনেল ৰাইডাৰ আৰু ২৫০চিচি ইণ্ডিয়া-এছিয়া মিক্সকে ধৰি ৪টা প্ৰতিযোগিতামূলক শাখা সামৰি ভাৰতীয় মটৰস্প’ৰ্টছৰ আন এক ৰোমাঞ্চকৰ অধ্যায় সূচনা কৰিলৈ সাজু ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ।