মালয়বাৰী গাওঁ সংগঠন সমিতিৰ হীৰক জয়ন্তীত সহস্ৰাধিক লোকৰ পথ-সুৰক্ষা সজাগতাৰ শপত

কামৰূপ মহানগৰ জিলাৰ বৃহত্তৰ মালয়বাৰীত দেওবাৰে নিশা সহস্ৰাধিক লোকে আগন্তুক দিনত ৰাজপথত পথ-সুৰক্ষাৰ সজাগতা গঢ়ি তোলাৰ বাবে সমস্বৰে শপত গ্ৰহণ কৰে । উল্লেখ্য যে, মালয়বাৰী গাওঁ সংগঠন সমিতিৰ হীৰক জয়ন্তী মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধনৰ বাবে দেওবাৰে নিশা উপস্থিত হয় ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস। মঞ্চ উদ্বোধন কৰি দিয়া ভাষণত গ্ৰামাঞ্চলসমূহত ব্যাপক পথ-সুৰক্ষা সজাগতা গঢ়ি তোলাত তেওঁ গুৰুত্ব আৰোপ কৰে। কিয়নো ভিতৰুৱা গ্ৰামাঞ্চলসমূহত বহুতেই পথ-সুৰক্ষাৰ দিশটোৰ প্ৰতি আওকান কৰি নিজৰ খেয়াল খুচিমতে যানবাহন চলাই থকাৰ বাবে কিছুমান চালক কাষৰ ব্যস্ততম পথলৈ ওলাই আহিলে দুৰ্ঘটনাত পতিত হ’বলগীয়া হয়।

ইফালে গ্ৰামাঞ্চলসমূহতে যিহেতু অধিকসংখ্যক চালক সৃষ্টি হয় সেয়ে সুদক্ষ,পাৰদৰ্শী আৰু অভিজ্ঞতাসম্পন্ন চালক সকলক আগন্তুক দিনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰিবলৈ আহ্বান জনায় ৷ এনেক্ষেত্ৰত প্ৰতিগৰাকী আই-মাতৃক নিজৰ সন্তানক দুচকীয়া, চাৰিচকীয়া, ব্যক্তিগত অথবা বাণিজ্যিক যি বাহনেই নচলাওঁক কিয় যানবাহন আইন যাতে মানি চলে তাৰ প্ৰতি অনবৰতে সতৰ্ক দৃষ্টি ৰাখিবলৈ তেওঁ আহ্বান জনায় । পুত্ৰ-কণ্যাক নিজৰ খেয়াল খুচিমতে বাহন চালনাত বাধা দিয়া হয় বুলি ভাবিয়ে কিছুমান অভিভাৱক বহুসময়ত সতৰ্ক হৈ নথকাত অলেখ ভয়ানক পথ-দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্যয়ো পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে সদৰি কৰে।

উল্লেখ্য যে, ইয়াৰ লগেলগে প্ৰেক্ষাগৃহত সমবেত কেইবা সহস্ৰাধিক লোক নিজৰ বহা ঠাইতে ঠিয় হৈ পথ-সুৰক্ষা সজাগতা গঢ়ি তোলাৰ বাবে সমস্বৰে শপত গ্ৰহণ কৰি পৰিবহণ বিষয়াগৰাকীৰ আহ্বানলৈ বিপুল সহযোগিতা আগবঢ়াই। উল্লেখ্য যে পৰিবহণ বিষয়াগৰাকীয়ে উদ্বোধন কৰা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত পথ-সুৰক্ষা সজাগতাৰ এক ব্যতিক্ৰমী কাৰ্যসূচীয়ো অনুষ্ঠিত হয়। পথ দুৰ্ঘটনাত নিহত ব্যক্তিৰ পৰিয়ালৰ দুৰ্বিষহ জীৱনগাথাৰে নাট্যকাৰ, চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰশেখৰ দাসৰ ৰচিত-পৰিচালিত এখন নাটক মঞ্চস্থ কৰাৰ লগতে বিশিষ্ট গায়ক দীনেশ দাস আৰু গোপেশ চৌধুৰীয়ে বিভিন্ন গীত পৰিৱেশণ কৰি পথ-সুৰক্ষাৰ সজাগতা সৃষ্টি কৰে। ইফালে এইখিনি যিহেতু হোলীৰ সময় সেয়ে প্ৰতীকী ভগৱান শ্ৰীকৃষ্ণ আৰু ঘুনুচাই ব্যতিক্ৰমী ধৰণেৰে ৰং-ৰহইছ কৰি ওলাই আহি সকলোকে সুৰক্ষিত আৰু আশংকামুক্ত জীৱন উদযাপনৰ বাবে আহ্বান জনায়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *