হিপ হপ ইণ্ডিয়া চিজন ২ ট্ৰেইলাৰ আমাজন এমএক্স প্লেয়াৰত বিচাৰক হিচাপে ৰেম’ ডি চুজা  আৰু মালাইকা অৰোৰাৰ সৈতে উন্মোচন কৰা হৈছে

হিপ হপ ইণ্ডিয়াই আমাজন এমএক্স প্লেয়াৰত চমকপ্ৰদ প্ৰতিভাৰে ভৰা হিপ-হপ ইণ্ডিয়াৰ দ্বিতীয় ছিজনৰ বাবে সাজু হৈছে। আত্মপ্ৰকাশৰ বছৰতে দেশজুৰি সফলতাৰ পিছত ছিজন ২-এ আৰু অধিক চমকপ্ৰদ অভিনয়, তীব্ৰ ৰণ আৰু ভাৰতৰ সমৃদ্ধিশালী আণ্ডাৰগ্ৰাউণ্ড হিপ-হপ দৃশ্যপটত গভীৰ ডুব যোৱাৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰদান কৰিছে। বহু প্ৰত্যাশিত এই অনুষ্ঠানটো ১৪ মাৰ্চৰ পৰা কেৱল আমাজন এমএক্স প্লেয়াৰত বিনামূলীয়াকৈ সম্প্ৰচাৰ হ’ব। এই শেহতীয়া ছিজনত প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰ-পৰিচালক ৰেম’ ডি চুজা আৰু বলীউড ডিভা মালাইকা অৰোৰাই বিচাৰকৰ আসন শুৱনি কৰিব, যিয়ে এই অনুষ্ঠানলৈ নিজৰ দক্ষতা আৰু ৰূপ-ব্যক্তিত্বৰে অনন্য মাত্ৰা প্ৰদান কৰিছে। মনীষা ৰাণী আৰু ৱিকড ছানিৰ গতিশীল যুটিয়ে প্ৰতিযোগিতাখনৰ আঁত ধৰি ছিজনটোক নতুন ৰূপ দিব।

আমাজন এমএক্স প্লেয়াৰৰ বিষয়বস্তুৰ মুৰব্বী অমোঘ দুসাদে এই অনুষ্ঠানৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “হিপ হপ ইণ্ডিয়াই ভাৰতত হিপ-হপ সংস্কৃতিৰ বাবে এক যুগান্তকাৰী বিবেচিত হৈ আহিছে। এই ছিজনত আমি প্ৰকৃতাৰ্থত জীৱন্ত আৰু হিপ-হপকে জীৱন ৰূপে গণ্য কৰা নৃত্যশিল্পীসকলক আগবঢ়াই আনিছোঁ।” এই অনুভূতিৰ প্ৰতিধ্বনিত কৰি বিচাৰক ৰেমো ডি’ চুজাই কয় যে,” ছিজন ২ সম্পূৰ্ণৰূপে অন্য স্তৰত দেখা পাব।  ভাৰতৰ শ্ৰেষ্ঠ নৃত্যশিল্পীসকলে সীমা পৰিধি ভাঙি কৰা অভূতপূৰ্ব প্ৰদৰ্শন চাবলৈ অধীৰ অপেক্ষা কৰিছোঁ। “

এই অনুষ্ঠানৰ চমক মেট্ৰ’পলিটান হাবসমূহৰ উৰ্ধ্বলৈ গৈ আন ঠাইতো অনুৰণিতো হ’ব বুলি আশা কৰা হৈছে, যাৰ ফলত গুৱাহাটীকে ধৰি সমগ্ৰ বজাৰত নৃত্য উৎসাহী সকল প্ৰভাৱিত হ’ব, য’ত হিপ-হপ সংস্কৃতি ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে। যুৱ প্ৰতিভাধৰসকলে হিপ-হপক আত্মপ্ৰকাশৰ এক প্ৰকাৰ হিচাপে গ্ৰহণ কৰি হিপ হপ ইণ্ডিয়াই চহৰসমূহৰ নৃত্য জগতত এক আন্দোলন কঢ়িয়াই আনিব পাৰে, যি স্থানীয় শিল্পীসকলৰ বাবে নতুন সুযোগ প্ৰদান কৰিব পাৰে। অতুলনীয় প্ৰতিভা আৰু তীব্ৰ যুঁজৰ মহাৰণ হিপ হপ ইণ্ডিয়া ছিজন ২-এ দেশৰ হিপ-হপ দৃশ্যপটক ন ৰূপত সংজ্ঞায়িত কৰিবলৈ সাজু হৈছে। ১৪ মাৰ্চত প্ৰিমিয়াৰৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ এই সময়ছোৱাত উত্তেজনা বৃদ্ধি পাইছে, যি আমাজন এমএক্স প্লেয়াৰৰ মোবাইল এপ, প্ৰাইম ভিডিঅ’, ফায়াৰ টিভি আৰু অন্যান্য সংযুক্ত ডিভাইচসমূহৰ জৰিয়তে উপলব্ধ হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *