টয়োটাই লিজেণ্ডাৰ  ৪X৪-ৰ বাবে মেনুৱেল ট্ৰেন্সমিছন বিকল্প প্ৰৱৰ্তন কৰিছে

দেশত উচ্চ-কাৰ্যক্ষম, দুঃসাহসিক আৰু ষ্টাইলিছ এছইউভিৰ ক্ৰমবৰ্ধমান চাহিদাৰ কথা উপলব্ধি কৰি টয়োটা কিৰ্লোস্কাৰ মটৰ (টিকেএম)-এ আজি টয়োটা লিজেণ্ডাৰ ৪X৪ৰ মেনুৱেল ট্ৰেন্সমিছন(এমটি) ভেৰিয়েণ্ট মুকলি কৰিছে। এই নতুন ভিন্নতাই শক্তি, বিলাসিতা আৰু অত্যাধুনিক প্ৰযুক্তিৰ নিখুঁত মিশ্ৰণ প্ৰদান কৰাৰ লগতে ব্যৱহাৰকাৰীৰ নিয়োজিততা আৰু নিয়ন্ত্ৰণ পূৰ্বতকৈ বৃদ্ধি কৰিছে। লিজেণ্ডাৰ ৪X৪ এমটিৰ মূলতে আছে বিখ্যাত ২.৮এল ডিজেল ইঞ্জিন, যি অতুলনীয় শক্তি প্ৰদানৰ বাবে বিশেষ ধৰণে প্ৰস্তুত কৰা হৈছে। ২০৪ পিএছ শক্তি আৰু ৪২০ এনএম টৰ্ক উৎপাদন কৰা এই পাৱাৰট্ৰেইন সেইসকলৰ বাবে সজাই তোলা হৈছে, যিসকলে নিজৰ ড্ৰাইভতকৈ সম্পূৰ্ণ নিয়ন্ত্ৰণ পছন্দ কৰে।

লিজেণ্ডাৰ ৪X৪ এমটিৰ মুকলিৰ কথা সদৰি কৰি বিক্ৰী-সেৱা-ব্যৱহৃত গাড়ী ব্যৱসায় শাখাৰ উপাধ্যক্ষ ভেৰিন্দাৰ ৱাধৱাই কয় যে, “আমি টয়োটা লিজেণ্ডাৰৰ নতুন গ্ৰেড মুকলি কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ, যি  বিশেষভাৱে আমাৰ মূল্যৱান গ্ৰাহকৰ বিকশিত চাহিদা আৰু পছন্দৰ প্ৰতি সঁহাৰি জনাই ডিজাইন কৰা হৈছে। এমটি ভেৰিয়েণ্টৰ এই নতুন সংযোজনে কেৱল লিজেণ্ডাৰৰ আবেদনক আৰু অধিক বৃদ্ধি কৰাই নহয়, লগতে আজিৰ সময়ৰ গ্ৰাহকৰ গতিশীল প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা বহুমুখী সমাধান প্ৰদানৰ প্ৰয়াস কৰিছোঁ।”

প্ৰিমিয়াম ১১ জেবিএল স্পীকাত আছে চাবউফেৰেণ্ড এমপ্লিফায়াৰ, যিয়ে এক নিমজ্জিত ছাউণ্ড অভিজ্ঞতা নিশ্চিত কৰে, যাৰ ফলত দীঘলীয়া যাত্ৰা আৰু অধিক উপভোগ্য হৈ পৰে। আগ্ৰাহী ব্যক্তিসকলে সমীপৰ টয়োটা ডিলাৰশ্বিপলৈ যাব পাৰে বা টয়োটা ভাৰত ৱেবছাইটত অনলাইন বুকিং কৰিব পাৰে – https://www.toyotabharat.com/showroom/fortuner/index-legender.html

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *