আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে আইঅ’এছ ১৮.২ আৰু নতুন সংস্কৰণলৈ ৰিয়েল টাইম কলাৰ আইডি আৰু স্পেম ব্লকিং সুবিধা প্ৰৱৰ্তন কৰি ট্ৰুকলাৰে নিজৰ আটাইতকৈ উল্লেখযোগ্য আপডেট মুকলি কৰিছে। এই অগ্ৰগতিয়ে এপলৰ লাইভ কলাৰ আইডি লুকআপ ফ্ৰেমৱৰ্কৰ সহায় লৈ ট্ৰুকলাৰ’এছআইঅ’এছ অভিজ্ঞতাক নিজৰ এণ্ড্ৰইড সমকক্ষৰ সৈতে একাকাৰ কৰি নতুন মাত্ৰা প্ৰদান কৰিলে। হোমোমৰ্ফিক এনক্ৰিপশ্বনৰ দ্বাৰা চালিত এই সফলতাই ট্ৰুকলাৰক ব্যৱহাৰকাৰীৰ গোপনীয়তা বজাই ৰাখি লাইভ কলাৰ চিনাক্তকৰণ প্ৰদান কৰিবলৈ অনুমতি দিয়ে।
ট্ৰুকলাৰৰ মুখ্য কাৰ্যবাহী বিষয়া ঋষিত ঝুনঝুনৱালাই এই কথা সদৰি কৰি কয় যে, “ট্ৰুকলাৰৰ সম্পূৰ্ণ শক্তি আইফোনলৈ আনিবলৈ পাই অতিশয় আনন্দিত। এই আপডেটে গোপনীয়তা ৰক্ষাৰ সময়ত এণ্ড্ৰইডৰ সৈতে সমতাৰ বাবে আমাৰ আইফোন ব্যৱহাৰকাৰীসকলৰ দীৰ্ঘদিনীয়া অনুৰোধ পূৰণ কৰিব।” মূল বৈশিষ্ট্যসমূহৰ ভিতৰত স্বয়ংক্ৰিয় স্পেম কল ব্লক কৰা, শেহতীয়া ২০০০ নম্বৰলৈকে চাৰ্ছৰ সুবিধা আৰু প্ৰিমিয়াম ফেমিলি প্লেনৰ প্ৰৱৰ্তন ইত্যাদি অন্যতম। এই বৈশিষ্ট্যসমূহৰ উদ্দেশ্য হৈছে ট্ৰুকলাৰৰ শক্তিশালী এআই সামৰ্থ্য আৰু বিস্তৃত বিশ্বব্যাপী ডাটাবেছৰ দ্বাৰা সমৰ্থিত অবাঞ্চিত-অপ্ৰত্যাশিত যোগাযোগ ফিল্টাৰিঙৰ ট্ৰুকলাৰৰ ১৫ বছৰীয়া উত্তৰাধিকাৰ দুগুণ কৰা।
সমগ্ৰ ৰাজ্যখনৰ অজস্ৰ মোবাইল ব্যৱহাৰকাৰীয়ে সঘনাই স্পাম কলৰ সন্মুখীন হয়, এই উন্নীতকৰণে গুৰুত্বপূৰ্ণ সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। বহুতো ব্যৱহাৰকাৰীয়ে অজ্ঞাত কলাৰ চিনাক্ত কৰাৰ বাবে ট্ৰুকলাৰৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু এই আপডেটে বিশেষকৈ নতুন স্পাম অটো-ব্লকিং সুবিধাৰ সৈতে উন্নত শুদ্ধতা আৰু সুবিধাৰ প্ৰতিশ্ৰুতি দিছে। বিনামূলীয়া ব্যৱহাৰকাৰীসকলৰ বাবে বিজ্ঞাপন-সমৰ্থিত বৈশিষ্ট্যৰ সৈতে প্রিমিয়াম ব্যৱহাৰকাৰীসকলৰ বাবে আজিৰে পৰা আৰম্ভ হোৱা এই আপডেট বিশ্বজুৰি উপলব্ধ। ট্ৰুকলাৰৰ এই সুবিধা মুকলিয়ে সমগ্ৰ পৃথিৱীৰ ৪৩৩ মিলিয়নৰো অধিক সক্ৰিয় ব্যৱহাৰকাৰীৰ বাবে যোগাযোগ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।