৭ দিনৰ ভিতৰত অবৈধ কয়লা খনি বন্ধৰ নিৰ্দেশ জি পি সিঙৰ

গণৰাজ্য দিৱসকলৈ সষ্টম হৈছে অসম আৰক্ষী। গণৰাজ্য দিৱসৰ প্রাকক্ষণত যিকোনো ধৰণৰ হিংসাত্মক ঘটনা প্রতিহত কৰাৰ লক্ষ্যৰে সষ্টম হৈছে অসম আৰক্ষী। শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপক তালাচি অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। ইয়াৰ মাজতে উজনিত বিগত কেইবাদিনো ধৰি বাহৰ পাতি আইন-শৃংখলাৰ পৰিস্থিতি পর্যালোচনা কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে। কিয়নো প্রথমবাৰলৈ ৰাজধানীৰ বাহিৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰা হ’ব। এইবাৰ ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস পালন কৰা হ’ব।

ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ’বলগা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্রহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে। সেয়ে ডিব্ৰুগড়ৰ লগতে উজনিৰ জিলাসমূহত আইন-শৃংখলা পৰিস্থিতিক লৈ তৎপৰ হৈছে অসম আৰক্ষী। আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে বহু বিষয়াৰ সৈতে নিৰাপত্তা সন্দৰ্ভত আলোচনাত মিলিত হৈছে। যোৱা তিনিদিনে তেওঁ অৰুণাচল আৰু নাগালেণ্ডৰ সীমামূৰীয়া অঞ্চলসমূহ পর্যবেক্ষণ কৰিছো।

তেওঁ অবৈধ কয়লা খনন সন্দৰ্ভত কয় যে মুখ্যমন্ত্ৰীৰ দৃষ্টিত আহিছে মাৰ্ঘেৰিটা, লিডু, লেখাপানীত কিছু অবৈধ কয়লা খনন চলি আছে। কালি এই বিষয়টোক লৈ আলোচনা কৰা হৈছে। প্রশাসনিক বিষয়া, বন বিভাগ, ক’ল ইণ্ডিয়াৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ ৭ দিনৰ ভিতৰত বন্ধ কৰিবলৈ নির্দেশ দিয়া হৈছে। ইতিমধ্যে এই অভিযান আৰম্ভ কৰা হৈছে। ‘নৰ্থ ইষ্ট ক’লফিল্ডছ লীজ এৰিয়া’ৰ ভিতৰত চলি থকা তেনেকুৱা দুটা খনন চিনাক্ত কৰি বন্ধ কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *