বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত HMPVৰ সংক্ৰমণ ধৰা পৰিছে । শিশুৰ পৰা আৰম্ভ কৰি জ্য়েষ্ঠ লোকো আক্ৰান্ত হৈছে এই ভাইৰাছত। অসমতো ধৰা পৰিছে HMPVৰ উপস্থিত। HMPVত আক্ৰান্ত অসমৰ প্ৰথমজন ৰোগী চিনাক্ত কৰা হৈছে।এই পৰ্যন্ত ভাৰতত প্ৰায় ১৩গৰাকী লোকৰ দেহত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি। ইয়াৰ ভিতৰত বেংগালুৰুত দুজন, গুজৰাটত এজন, চেন্নাইত দুজন, কলকাতা দুজনৰ দেহত ধৰা পৰিছে এই ভাইৰছৰ উপস্থিতি।যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে সকলো।অসমত ১০ মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPVৰ অৱস্থিতি। ডিব্ৰুগড়ৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্রত ধৰা পৰিছে HMPV। নিয়মীয়া পৰীক্ষাত শিশুটিৰ দেহত ধৰা পৰে HMPV। শিশুটিক AMCHত আছুতীয়াকৈ ৰাখি কৰা হৈছে উন্নত চিকিৎসা। আক্ৰান্ত শিশুটি লখিমপুৰৰ বুলি জানিব পৰা গৈছে।