বিশ্বৰ পৰ্যটন মানচিত্ৰত জিলিকি উঠিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নিউয়র্ক টাইমছে প্রকাশ কৰা বিশ্বৰ ৫২ খন পৰ্যটন ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে শেহতীয়াকৈ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তর্ভুক্ত হোৱা চৰাইদেউ। উল্লেখ্যে যে পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ত দহখন আইকনিক স্থানৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
ইপিনে, বিগত সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ দেশৰ দুগৰাকীকৈ ৰাষ্ট্ৰপতি, প্রধানমন্ত্রী মোদী, লোকসভাৰ অধ্যক্ষ, ভূটানৰ ৰজাৰ ভ্ৰমণে কাজিৰঙাক আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নতুন ৰূপত পৰিচয় কৰায়। এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে কাজিৰঙাক বিশ্বৰ এখন আগশাৰীৰ পত্রিকাই স্থান দিয়াটো স্বাভাৱিকতে গুৰুত্বপূৰ্ণ বতৰা।
ইয়াৰ বাবে সকলোপক্ষকে ধন্যবাদ। কাজিৰঙালৈ সম্প্রতি যথেষ্ট পর্যটকৰ আগমন ঘটিছে। ২০২৪-২৫ পর্যটন বৰ্ষৰ যোৱা তিনি মাহত ১,৬৪,৬৩৬ দেশী-বিদেশী পর্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্রমণ কৰিছে বুলি ক্ষেত্ৰ সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ইয়াৰে ছয় সহস্রাধিক বিদেশী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছে। আনহাতে, পক্ষ পৰা কাজিৰঙা বন বিভাগে ৪ কোটি ৩২ লাখ টকাৰ ৰাজহ লাভ কৰিছে।