সাহিত্য-সংস্কৃতি, ভাষাতত্ব-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীত প্ৰায় ৭ কোটি টকাৰ কিতাপ বিক্ৰীৰে সফল সামৰণি ঘটাই নিজম পৰিল খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজিত কৰা এই গ্ৰন্থমেলাৰ মঙলবাৰে সামৰণী সভা অনুষ্ঠিত হয় ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব আৰু কাৰ্যবাহী তথা শৈক্ষিক মুৰব্বী ড°সচ্চিদানন্দ যোশীয়ে৷
তেওঁ ভাষণত কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই সফলতাৰে আয়োজন কৰা অসম গ্ৰন্থমেলাত মানুহৰ সোঁত দেখিবলৈ পাই অভিভূত হৈ পৰিছোঁ৷ গ্ৰন্থমেলাত জনসমাগম হোৱা, কিতাপ বিক্ৰী হোৱাটো সমাজৰ বাবে আনন্দৰ বতৰা৷ গ্ৰন্থমেলা মানেই জ্ঞানৰ পেৰা মুকলি কৰি দিয়া স্থান৷ গ্ৰন্থমেলাত বিভিন্ন ভাষাৰ কিতাপ পোৱা যায়৷ ইয়াৰ জৰিয়তে ভাষিক সমাজৰ মাজত সম্প্ৰীতিৰ সেঁতু নিৰ্মাণ হয়৷
অসম গ্ৰন্থমেলাত ৭ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱাটো যথাৰ্থতে চমকপ্ৰদ৷ তেওঁ লগতে কয় যে অসমীয়া ভাষাই ২০২৪ বৰ্ষত ধ্ৰুপদী মৰ্যাদা লাভ কৰাটো গৌৰৱৰ বিষয়৷ মাতৃভাষাৰ উত্তৰণ মানেই জাতিৰ উত্তৰণ ৷ নিজৰ ঠাইৰ বাহিৰত কাৰোবাৰ মুখত মাতৃভাষা শুনিলে মন আনন্দৰে ভৰি উঠে৷ মাতৃভাষাই সকলোকে একত্ৰিত কৰি ৰাখে ৷এয়া মাতৃভাষাৰ মহত্ত্ব৷ দেশ মাতৃৰ মাটিও একেই৷ দেশৰ মাটিয়েই আমাৰ মাতৃ৷ ভাৰতবৰ্ষত পৃথিৱীৰ সবাটোকৈ অধিক প্ৰাচীন পাণ্ডুলিপি আছে৷