কেন্দ্ৰীয় চৰকাৰে ১৬ ডিচেম্বৰত লোকসভাত ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় দুখন বিধেয়ক উত্থাপন কৰিব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নিম্ন সদনত সংবিধান (১২৯ তম সংশোধনী) বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ১২ ডিচেম্বৰত লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ একেলগে নিৰ্বাচনৰ ধাৰণাটো কাৰ্যকৰী কৰাৰ বাবে এক সাংবিধানিক সংশোধনী বিধেয়ক অনুমোদন জনাইছিল।
কেবিনেটে দুখন খচৰা আইনত অনুমোদন জনাইছে, এখন সংবিধান সংশোধনী বিধেয়কৰ বাবে, লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ একেলগে নিৰ্বাচনৰ বাবে আৰু আনখন ৰাজ্যিক বিধানসভাৰে গঠিত তিনিটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ একেলগে নিৰ্বাচনৰ বাবে। সংবিধান সংশোধনী বিধেয়কৰ বাবে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ’ব। আনহাতে দ্বিতীয় বিধেয়কখনত সদনত সাধাৰণ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হ’ব।
যদিও প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ লগতে পৰ্যায়ক্ৰমে পৌৰ নিগম আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছিল, কেবিনেটে স্থানীয় সংস্থাৰ নিৰ্বাচনৰ বিষয়টোৰ পৰা বৰ্তমানৰ বাবে আঁতৰি থাকিবলৈ সিদ্ধান্ত লৈছিল।