হোটেল প’ল’ টাৱাৰ্ছ শ্বিলঙে আগবঢ়াইছে ‘ট্ৰিং ট্ৰিং’ – এক পৌৰাণিক-আমেজভৰা খাদ্য আৰু ককটেল গন্তব্যস্থান

হোটেল প’ল’ টাৱাৰ্ছ শ্বিলঙে ট্ৰিং ট্ৰিং মুকলি কৰাৰ কথা ঘোষণা কৰি আনন্দিত হৈছে, যি হৈছে এক ব্যতিক্ৰমী দিনজোৰা ডাইনিং আৰু ককটেল বাৰৰ সুবিধাক্ষেত্ৰ, ২৯ নৱেম্বৰৰ পৰা গ্ৰাহকৰ বাবে মুকলি হৈছে ট্ৰিং ট্ৰিঙৰ দুৱাৰ। ঐতিহ্যমণ্ডিত শ্বিলং চহৰৰ মাজমজিয়াত অৱস্থিত এই বিশেষ স্থানটোৱে ৯০ দশকৰ সোণালী যুগক ন ৰূপত তুলি ধৰিছে, যাৰ বাবে গ্ৰাহকসকলে পুৰণি আকৰ্ষণ আৰু আধুনিক বিলাসিতাৰ এক অবিস্মৰণীয় মিশ্ৰণ লাভ কৰিব।
বিবিধ অনুষ্ঠানৰ বাবে সযতনে ডিজাইন কৰিছে ট্ৰিং ট্ৰিঙৰ ৩,২০০ বৰ্গ ফুটতকৈও অধিক এই ক্ষেত্ৰ, যাৰ ফলত স্থানীয় লোক আৰু পৰ্যটকসকলৰ বাবে এক দৰ্শনীয় স্থানলৈ পৰিণত হ’ব। 1১৫০ লোকৰ আসনৰ সুবিধাবিশিষ্ট শ্বিলঙৰ পাহাৰীয়া বতাহৰ আমেজ লৈ আৰামদায়ক ব্যক্তিগত বুথ, এটা প্ৰাণৱন্ত বাৰ অথবা এক নিৰ্মল বাৰাণ্ডা বাছনি কৰক।
ট্ৰিং ট্ৰিঙৰ মেনুৱে আন্তঃৰাষ্ট্ৰীয় ক্লাছিকৰ সৈতে স্থানীয় সোৱাদসমূহ নিপুণভাৱে সংমিশ্ৰণ ঘটাইছে যাতে ঋতুভিত্তিক উপাদানসমূহ আৰু চিন্তাশীলভাৱে প্ৰস্তুত কৰা আকৰ্ষণীয় খাদ্যতালিকা সংযোজন কৰিব পৰা যায়। বিশেষজ্ঞ মিক্স’লজিষ্টসকলে প্ৰস্তুত কৰা এই অভিনৱ ককটেল মেনুত টেষ্ট অৱ শ্বিলং, লিভছ এণ্ড বাড, বাটাৰফ্লাই ইফেক্ট, ০৩৬৪, ডাটা ৰোমিং, দ্য লেণ্ডলাইন আৰু ট্ৰাংক কলৰ দৰে আকৰ্ষণীয় পানীয় সূচী আগঢ়াইছে। এই শুভাৰম্ভণিৰ বিষয়ে উৎসাহেৰে নিজৰ অভিমত প্ৰকাশ কৰি হোটেল প’ল’ টাৱাৰ্ছ গ্ৰুপৰ চিইঅ’ তথা সঞ্চালক দেৱাল টিব্ৰেৱালাই কয় যে, “বছৰ বছৰ ধৰি হোটেল প’ল’ টাৱাৰ্ছ কেৱল এটা গন্তব্যস্থানেই নহয়—লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সৌন্দৰ্য্য, সংস্কৃতি আৰু ঐতিহ্যৰ কাহিনীকাৰ হৈ আহিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *