সকলো চৰকাৰী বিভাগত কাম কৰা কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে ৰাজ্যখনৰ চৰকাৰে। চৰকাৰী কাৰ্যালয়ত ধপাত সেৱন নিষিদ্ধ কৰিছে ৰাজ্য চৰকাৰে। লগতে এই আদেশ উলংঘনৰ ক্ষেত্ৰত অনুশাসনমূলক ব্যৱস্থা লোৱাৰ সতৰ্কবাণী প্ৰদান কৰিছে।কাৰ্যালয় চৌহদত কাম কৰা কৰ্মচাৰীসকলৰ বাবে ধপাত সেৱনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰ্ণাটক চৰকাৰৰ। জনতা তথা চৰকাৰী কৰ্মচাৰীসকলক ধূমপানৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যে, যিকোনো চৰকাৰী কৰ্মচাৰীৰ বাবে চৰকাৰী কাৰ্যালয় আৰু চৌহদত ধূমপানকে ধৰি যিকোনো ধৰণৰ ধপাতজাতীয় সামগ্ৰী সেৱন নিষিদ্ধ কৰা হৈছে। এই সন্দৰ্ভত, কাৰ্যালয়বোৰত উপযুক্ত স্থানত সতৰ্কবাণী বোৰ্ড স্থাপন কৰাৰ নিৰ্দেশনাও দিয়া হৈছে।
এতিয়াৰে পৰা চৰকাৰী সকলো কাৰ্যালয়ত নিষিদ্ধ হ’ব ধঁপাত সেৱন
