আৰণ্যকৰ বিজ্ঞানী ড: বিভূতি প্ৰসাদ লহকৰলৈ নেভিলি শুলমেন বঁটা

অসমৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড: বিভূতি প্ৰসাদ লহকৰলৈ বিশ্বৰ প্ৰসিদ্ধ পৰিৱেশ সংস্থা “আৰ্থৱাটছ ইউৰোপ”ৰ ২০২৪-২৫ বৰ্ষৰ নেভিলি শুলমেন বঁটা আগবঢ়োৱা হৈছে।

অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড: লহকৰ এই সন্মানীয় বঁটাটোৰ বাবে এইবাৰ বাচনিভুক্ত হোৱা একমাত্ৰ ভাৰতীয়। ড: লহকৰৰ সৈতে বিশ্বৰ অন্য দুজন বিজ্ঞানীলৈয়ো এই বঁটা আগবঢ়োৱা হৈছে।

নেভিলি শুলমেন আৰ্থৱাটছ বঁটাৰ প্ৰাপকসকললৈ নতুন অৰ্থবহ গৱেষণাৰ লগতে পৰিৱেশ সম্পৰ্কীয় প্ৰকল্পত স্থানীয় সমূদায়ৰ অংশগ্ৰহণ বৃদ্ধি কৰা আৰু ধৰিত্ৰীৰ কেতবোৰ বৃহত্তম পাৰিপাৰ্শ্বিক সমস্যাৰ মোকাবিলা কৰাৰ বাবে মঞ্জুৰি আগবঢ়োৱা হয় ।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *