দীঘলীপুখুৰী পাৰৰ গছবোৰ নকটাৰ সিদ্ধান্ত

দীঘলীপুখুৰী পাৰৰ শতিকা পুৰণি গছবোৰ নকটাৰ দাবীত প্ৰতিবাদ অব্য়াহত থকাৰ মাজতে নিৰ্মীয়মাণ উৰণসেতু আৰ্হি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । নতুন আৰ্হি অনুসৰি, দীঘলীপুখুৰীৰ পূব আৰু পশ্চিম পাৰত নিৰ্মাণৰ পৰিকল্পনা কৰাৰ উৰণসেতুৰ বাহু দুটা বাদ দিয়া হৈছে ।নতুন আৰ্হিত মতে, এটা বাহু লেম্ব ৰোডত নিৰ্মাণ কৰা হ’ব আৰু উৰণসেতুৰ আনটো বাহু ৰবীন্দ্ৰ ভৱন আৰু জিলা পুথিভঁৰাল মাজৰ অংশত শেষ হ’ব । উল্লেখ্য যে, মঙলবাৰে নিশা উৰণসেতুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই পৰিদৰ্শন কালতে উৰণসেতুৰ আৰ্হি সলনি কৰাৰ সিদ্ধান্ত কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *