প্ৰধানমন্ত্ৰী ইণ্টাৰ্নশ্বীপ আঁচনিলৈ ব্যাপক সঁহাৰি দেশৰ যুৱ প্ৰজন্মৰ। প’ৰ্টেল মুকলিৰ এদিনৰ ভিতৰতে ১.৫৫ লাখতকৈ অধিক প্ৰাৰ্থীৰ নাম পঞ্জীয়ন। নিবনুৱা সমস্যাৰ সমাধান আৰু নিযুক্তি বৃদ্ধিৰ বাবে এই পদক্ষেপ কেন্দ্ৰৰ। ইণ্টাৰ্নশ্বীপৰ সময়ত প্ৰাৰ্থীসকলক দিয়া হ’ব ৫০০০ হাজাৰকৈ টকা। দেশৰ ৫০০ টা আগশাৰীৰ কোম্পানীত ইণ্টাৰ্নশ্বীপ সুবিধা দিয়া হ’ব। ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৩৭ জিলাত উপলব্ধ এই আঁচনি। আবেদনকাৰীৰ পৰিয়ালত থাকিব নোৱাৰিব কোনো চৰকাৰী চাকৰিয়াল। আবেদনকাৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় হ’ব লাগিব ৮ লাখ টকাতকৈ কম।