নতুন নিছান মাগনিটে ৫.৯৯ লাখ টকাৰ এক বিশেষ পৰিচয় মূল্যত মুকলি কৰে

নিছান মটৰ ইণ্ডিয়াই বৰ্ধিত সুৰক্ষা, দুৰ্জেয় নান্দনিকতা আৰু উন্নত প্ৰযুক্তিৰে নতুন নিছান মেগনাইট মুকলি কৰিছে। অধিক কঠিন আৰু অধিক শক্তিশালী বাহ্যিক অংশই মেগনাইটৰ সাহসী উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে আত্মবিশ্বাস প্ৰকাশৰ লগতে আকৰ্ষণীয় পথৰ উপস্থিতি বৃদ্ধি কৰি তোলে। নতুন মেগনাইটে উদ্ভাৱন আৰু গ্ৰাহককেন্দ্ৰিক ডিজাইনৰ প্ৰতি নিজৰ দায়বদ্ধতা অব্যাহত ৰাখিছে, আজি দেশৰ বজাৰত ৫.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত বাহন মুকলি কৰিছে। মেগনাইট হৈছে নিছানৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ দৃষ্টিভংগীৰ প্ৰমাণ, যিয়ে ২০২০ চনৰ ডিচেম্বৰ মাহত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা এইপৰ্যন্ত ১৫০,০০০+খন বাহনৰ বিক্ৰী অতিক্ৰমি ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে শক্তিশালী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।

এই শেহতীয়া পদক্ষেপৰ লগতে নিছানৰ ৰপ্তানি বজাৰ এতিয়া সমগ্ৰ বিশ্বৰ ৬৫+ দেশত আছে। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি নিছানৰ এএমআইইঅ’ অঞ্চল ব্যৱসায়িক পৰিৱৰ্তন বিভাগৰ মাণ্ডলিক উপাধ্যক্ষ তথা নিছান ইণ্ডিয়া অপাৰেচন শাখাৰ অধ্যক্ষ ফ্ৰেংক টৰেছে কয় যে, “আমাৰ গোলকীয় ৰণনীতিত ভাৰতৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আমি আমাৰ চেন্নাইৰ কেন্দ্ৰৰ পৰা বিশ্বজুৰি অধিক বজাৰলৈ মেগনাইট ৰপ্তানি কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ।”

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ (এনআইপিএল) পৰিচালনা সঞ্চালক সৌৰভ বৎসই এই বিষয়ে কয় যে,  “মেগনাইটে বজাৰৰ প্ৰত্যাশাক ন ৰূপত সংজ্ঞায়িত কৰিছে, যিয়ে গ্ৰাহকৰ অটল আনুগত্য অৰ্জনৰ লগতে এই খণ্ডটোত নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *