এছবিআই লাইফ ইঞ্চুৰেন্স আৰু মিৰ্চিয়ে স্পেল বি ২০২৪ৰ ১৪ তম সংস্কৰণ মুকলি কৰে যি ভৱিষ্যতৰ নেতাসকলক প্ৰতিপালন কৰে

এছবিআই লাইফ ইঞ্চুৰেন্সে মিৰ্চিৰ সহযোগত “বি স্পেলবাউণ্ড” শীৰ্ষক স্পেল বি ২০২৪ৰ ১৪ সংখ্যক সংস্কৰণ মুকলি কৰিছে। এই বৰ্ষৰ এই প্ৰতিযোগিতাখন ৩০খন চহৰৰ মাজত অনুষ্ঠিত হ’ব, য’ত ৫০০খনতকৈও অধিক বিদ্যালয়ক সামৰি লোৱা হৈছে আৰু ৩ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক জড়িত কৰা হৈছে, এই প্ৰতিযোগিতাখনৰ এটাই মূল লক্ষ্য হৈছে বানানৰ দক্ষতাৰ সমান্তৰালভাৱে নেতৃত্ব প্ৰদান প্ৰদানক আগুৱাই নিয়া।

ইয়াৰে শীৰ্ষ ৫০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, য’ত বিজয়ীয়ে “স্পেলমাষ্টাৰ অৱ ইণ্ডিয়া ২০২৪”ৰ মুকুট পৰিধান কৰিব, জয়ী হোৱাজনে ১ লাখ টকাৰ গ্ৰেণ্ড প্ৰাইজ আৰু হংকঙৰ ডিজনীলেণ্ড ভ্ৰমণৰ সুযোগ লাভ কৰিব। এছবিআই লাইফৰ ব্ৰেণ্ড, কৰ্প’ৰেট কমিউনিকেচন আৰু চিএছআৰৰ প্ৰধান ৰবীন্দ্ৰ শৰ্মাই এই মঞ্চখনে সাহস আৰু সততাৰ দৰে মূল্যবোধক লালন-পালন কৰাৰ লগতে উৎকৃষ্ট বানানৰ ওপৰত সম্যক জ্ঞান-অভিজ্ঞতা আৰু ভৱিষ্যতৰ নেতাসকলক গঢ় দিয়াৰ লক্ষ্যৰ ওপৰত জোৰ দিছে।

এই প্ৰতিযোগিতাৰ প্ৰভাৱ গুৱাহাটীতো অনুৰণিত হৈছে। চহৰখনৰ বিদ্যালয়সমূহে উৎসাহেৰে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাই নহয় লগতে বহুতো শীৰ্ষ প্ৰদৰ্শনকাৰী শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত অঞ্চলটোক প্ৰতিনিধিত্ব কৰিব বুলি আশা কৰা হৈছে। প্ৰতিযোগিতাখন স্থানীয় শিক্ষাবিদ আৰু অভিভাৱকসকলৰ বাবে গৰ্বৰ উৎস হৈ পৰিছে, যিয়ে শৈক্ষিক উৎকৰ্ষতা আৰু নেতৃত্বৰ দক্ষতা দুয়োটাকে উৎসাহিত কৰে। যুৱক-যুৱতীসকলৰ মন-মানসিকতাক শক্তিশালী কৰাৰ বহল দৃষ্টিভংগীৰে স্পেল বি ২০২৪ সবাতোকৈ আকৰ্ষণীয় ছিজন হ’বলৈ সাজু হৈছে, যিয়ে ভাৰতৰ ভৱিষ্যতৰ নেতাসকলক আলোকিত কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *