বিশ্ব ঐতিহ্যত অন্তর্ভুক্তিৰে প্রতিজ্ঞা পূৰণ:: ৬ বছৰৰ মুৰত কাটিলে চুলি

প্রস্তাৱিত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে প্রতিটো ক্ষেত্রত সংপৃক্ত হৈ থকা ড০ জাকিৰুল আলমে বিশ্ব ঐতিহ্য স্বীকৃতি পোৱাত ৬ বছৰৰ মূৰত কাটিলে চুলি | ২০১৪ চনতে ইউনেস্কই চৰাইদেউ মৈদাম সমূহক সাম্ভাব্য বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰাৰ পাছত কেডাস্টাৰেল মেপৰ অভাৱত ডচিয়াৰ প্ৰস্তুত কৰি আবেদন কৰিব পৰা নাছিল | যাৰ বাবে প্রশাসনে ২০১৫ চনত জৰীপ কৰি বেদখলকাৰীৰ বাবে বিফল হল | পুনৰ ২০১৮ চনৰ মাজভাগত প্রশাসনে পুনৰ জৰীপ আৰম্ভ কৰোতে বেদখলকাৰীৰ লগত এখন সংঘর্ষ হৈ ১৪৪ ধাৰা প্রয়োগ হোৱাত সিমানতে ইউনেস্কলৈ আবেদন কৰাৰ পৰিকল্পনা ধোঁৱা চাঙত উঠিল |

ড০ দয়ানন্দ বৰগোহাঁই আৰু ড০ জাকিৰুল আলমৰ নেতৃত্বত ২০১৯ৰ পৰা যুদ্ধ দেহিং মনোভাৱেৰে প্রশাসনৰ বিভিন্ন জটিল স্তৰত আগুৱাই আহি ২০১৯ চনৰ ১ নৱেম্বৰৰ পৰা পুনৰ জৰীপ আৰম্ভ হল | কিন্তু পুনৰ জৰীপ বেদখলকাৰীৰ ষড়যন্ত্র আৰু হেঁচাত মণ্ডলৰ সৈতে অসম চৰকাৰৰ জৰীপ দলে কেন্দ্রীয় চৰকাৰৰ প্ৰত্নতত্ত্ব আৰু অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগৰ অধীনত বাউণ্ডেৰী বালৰ ভিতৰত থকা মাত্র ৫৭৬ বিঘাৰ মৈদাম ক্ষেত্রৰ বাহিৰে বাকী মৈদাম সমূহ জৰীপ নকৰে কোৱাত ড০ আলমে এখন মডেল মেপ প্রস্তুত কৰে | য’ত জিলা উপায়ুক্ত লগতে সীমা নিৰ্দ্ধাৰণ কমিটিৰ সদস্য ড০ দয়ানন্দ বৰগোহাঁই, প্রয়াত দিলীপ বুঢ়াগোহাঁই আৰু জিতেন বৰপাত্র গোহাঁইয়ে স্বাক্ষৰ কৰাত পুনৰ ২ নৱেম্বৰৰ পৰা ড০ আলমৰ নেতৃত্বত প্রতিটো মৈদামৰ লগতে কীৰ্তিচিহ্নৰ জৰীপ হয় |  

প্রতিটো বাধা ড০ আলমে, ড০ দয়ানন্দ বৰগোহাঁই, দিলীপ বুঢ়াগোহাঁই আৰু জিতেন বৰপাত্র গোহাঁইৰ সহযোগত আগবাঢ়ি যাবলৈ সক্ষম হৈছিল |এনেবোৰ ঘাত প্রতিঘাটেৰে আগবাঢ়িব লগা হোৱা বাবে ড০ আলমে ২০১৯ চনৰ পৰাই মূৰৰ চুলি নকটাৰ সংকল্প লয়, যেতিয়ালৈকে বিশ্ব ঐতিহ্যলৈ ৰূপান্তৰ নহয় | অৱশেষত সকলো দল-সংগঠন, সংবাদ-মাধ্যম, স্থানীয় ৰাইজ, অসমবাসী, ভাৰতবাসী, অসম চৰকাৰ, ভাৰত চৰকাৰৰ সহযোগত চৰাইদেউ মৈদাম সমূহ বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি পাবলৈ সক্ষম হ’ল  |

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *