চেমচাং ইণ্ডিয়াই নিজৰ চিএছআৰ কাৰ্যসূচীৰ অধীনত আয়োজন কৰা ‘ছলভ ফৰ টুমৰু’ ২০২৪ প্ৰতিযোগিতাৰ শীৰ্ষ ২০টা ছেমি ফাইনেলিষ্টৰ নাম ঘোষণা কৰিছে, য’ত অসমৰ কামৰূপ গ্ৰাম্য জিলাৰ দল ‘হেমন্ত’ই স্থান লাভ কৰিছে। এই প্ৰতিযোগিতাৰ তৃতীয় সংস্কৰণত যুৱক-যুৱতীসকলক শেহতীয়া প্ৰযুক্তিৰ জৰিয়তে বাস্তৱ-বিশ্বৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ ৫১গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ শীৰ্ষ ২০টা দলে চেমচাঙৰ কাৰ্যালয় আৰু আৰ এণ্ড ডি কেন্দ্ৰত বিশেষভাৱে প্ৰস্তুত কৰা ‘ইন’ভেচন ৱাক’ত অংশগ্ৰহণ কৰিব। তৃতীয় সংস্কৰণত মণিপুৰৰ ইম্ফল, মেঘালয়ৰ পূব খাছি পাহাৰ, ছট্টীশগড়ৰ বিলাসপুৰ আদি দূৰৱৰ্তী স্থানৰ ব্যক্তিয়েও প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে।
ছেমি ফাইনেলৰ বাবে তালিকাভুক্ত কৰা ধাৰণাসমূহে সমাজৰ উল্লেখযোগ্য উদ্বেগসমূহ প্ৰতিফলিত কৰে, য’ত য়ুথ ট্ৰেকৰ ২৫%ই জল সংৰক্ষণ আৰু প্ৰদূষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু স্কুল ট্ৰেকৰ ২০%ই ডিজিটেল সাক্ষৰতাৰ ব্যৱধানক লক্ষ্য কৰি লৈছিল। চেমচাঙৰ দক্ষিণ-পশ্চিম এছিয়াৰ কৰ্পৰেট উপাধ্যক্ষ এছ পি চুনে কয় যে, “এই বছৰৰ প্ৰতিযোগিতাত দূৰৱৰ্তী অঞ্চলৰ অংশগ্ৰহণকাৰীয়েও চমক সৃষ্টি কৰিছে, যিয়ে এক বহল ভৌগোলিক অঞ্চলক প্ৰতিনিধিত্ব কৰিছে।”
এই ছেমি ফাইনেলিষ্টসকলে সৰ্বশেষত ঐতিহ্যমণ্ডিত আইআইটি দিল্লীত প্ৰতিদ্বন্দিতা কৰিব, এইসকল প্ৰতিযোগীক নিজৰ প্ৰটোটাইপ উন্নত কৰাৰ বাবে অনুদান আৰু চেমচাং সামগ্ৰীও প্ৰদান কৰা হ’ব। বিজয়ীসকলক “কমিউনিটী চেম্পিয়ন” আৰু “পৰিৱেশ চেম্পিয়ন” স্বীকৃতি প্ৰদান কৰা হ’ব, বিজয়ীসকলে নিজৰ ধাৰণাৰ অধিক বিকাশৰ বাবে যথেষ্ট অনুদান-সহায় লাভ কৰিব। আইআইটি-দিল্লীৰ এফআইটিটিৰ এমডি অধ্যাপক প্ৰীতি ৰঞ্জন পাণ্ডাই নিজৰ অভিমত ব্যক্ত কৰি কয় যে, “তৃতীয় সংস্কৰণত আমি দেখা কিছুমান ধাৰণা সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক আৰু প্ৰতিশ্ৰুতিসম্পন্ন, যি দেশৰ ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সাজু।”