গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় পূৱ মণ্ডল ছাব-জুনিয়ৰ হকী প্ৰতিযোগিতাৰ সোণৰ পদক লাভ কৰিছে ওড়িছাৰ ল’ৰাৰ দল তথা ঝাৰখণ্ডৰ ছোৱালী দলে ৷ হকী ইণ্ডিয়াৰ সহযোগিতাত অসম হকী সন্থাই আয়োজন কৰা ল’ৰা আৰু ছোৱালীৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ দূয়োখন ফাইনেল তথা ব্ৰঞ্জ পদকৰ উভয় শাখাৰ মেচ অনুষ্ঠিত হয়৷
ভেটাপাৰৰ মৌলানা মহম্মদ তয়াবুল্লাহ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ল’ৰাৰ ফাইনেলত ওড়িছাই শ্বুটআউটত ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে ঝাৰখণ্ডক৷ নিৰ্ধাৰিত সময়ত খেলখন গলশূন্য হৈছিল৷ ঝাৰখণ্ডে ৰূপ লাভ কৰাৰ বিপৰীতে মনিপুৰৰ ল’ৰাৰ দলে বিহাৰক ১৩-১ গলত পৰাস্ত কৰি ব্ৰঞ্জ অৰ্জন কৰে৷
ইফালে, ছোৱালীৰ শাখাৰ ফাইনেল মেচখনো শ্বুটআউটৰ জড়িয়তে ফলাফল নিৰ্ণয় কৰা হয়৷ ঝাৰখণ্ডে ৩-০ ত ওড়িছাক পৰাস্ত কৰি সোণ লাভ কৰে৷ ওড়িছাই ৰূপ তথা মনিপুৰে বিহাৰক ২-০ গলত পৰাস্ত কৰি ব্ৰঞ্জ অৰ্জন কৰে৷