বৰপেটা বিজেপিৰ কার্য্যালয়ত পর্যালোচনা সভা

83

বৰপেটা জিলাৰ অন্তৰ্গত প্রতিটো বুথত দলৰ স্থিতি আৰু দলৰ বিভিন্ন দিশ সন্দৰ্ভত এখন পৰ্যালোচনা সভা বিজেপি বৰপেটা জিলা কার্য্যালয়ত অনুষ্ঠিত হয়। উক্ত পর্যালোচনা সভাত পর্যবেক্ষক হিচাপে উপস্থিত থাকে বিজেপিৰ  অসম প্রদেশৰ উপ-সভাপতি তথা বৰপেটা জিলা বিজেপি ৰ প্রভাৰী  জয়ন্ত কুমাৰ দাস আৰু বিজেপি অসম প্রদেশৰ  সম্পাদক জগদীশ দত্তই।

ইয়াৰ উপৰি ক্ৰমে  সৰভোগ-ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ,বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস, সাধাৰণ সম্পাদক  হেমন্ত কুমাৰ দেউৰী, সাধাৰণ সম্পাদিকা নিপা মণি কলিতা,ৰাজ্যিক বিজেপিৰ প্রশিক্ষণ বিভাগৰ আহ্বায়ক ব্রজ কুমাৰ দাস, বৰপেটা জিলা বিজেপিৰ মহিলা মর্চাৰ সভানেত্রী জয়া দাস,দলৰ জ্যেষ্ঠ কাৰ্য্যকতা মহেন দাস  আদিকে কৰি দলৰ সকলো স্তৰৰ কাৰ্য্যকতাসকলে উপস্থিত থাকি সভাখন সাফল্য মণ্ডিত কৰে  ।