ফ্লিপকাৰ্ট পে’য়ে এতিয়া সকলো পৰিশোধ আৰু ফিনটেক অফাৰ একত্ৰিত কৰে

186

ফ্লিপকাৰ্টে ‘ফ্লিপকাৰ্ট পে’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে সকলো ধৰণৰ পৰিশোধ আৰু বিত্তীয় সেৱাক একক, ব্যৱহাৰকাৰী-অনুকূল আন্তঃপৃষ্ঠত একত্ৰিত কৰি প্ৰস্তুত কৰা শেহতীয়া একত্ৰিত প্লেটফৰ্ম। ফেষ্টিভ ছিজনৰ ঠিক আগে আগে মুকলি কৰা ফ্লিপকাৰ্ট পে’ৰ উদ্দেশ্য হৈছে ফ্লিপকাৰ্ট ইউপিআই, বিল পেমেণ্ট, বিবিধ ৰিচাৰ্জ, ফ্লিপকাৰ্ট পে লেটাৰ, ফ্লিপকাৰ্ট এক্সিছ বেংকৰ সহ-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড, বীমা, গিফ্ট কাৰ্ড আৰু ইএমআইকে ধৰি এক বিস্তৃত সেৱা আগবঢ়াই বজাৰ কৰাৰ অভিজ্ঞতা বৃদ্ধি কৰা আৰু নতুন মাদকতা প্ৰদান কৰা।

২০১৩ত গিফ্ট কাৰ্ডৰ সৈতে ফিনটেক সেৱা আৰম্ভ কৰাৰ পিছৰে পৰা ফ্লিপকাৰ্টে ক্ৰমান্বয়ে নিজৰ বিত্তীয় অফাৰসমূহৰ সম্প্ৰসাৰণ কৰিছে, এতিয়া ফ্লিপকাৰ্টে সহ-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৪ মিলিয়নতকৈ অধিক ব্যৱহাৰকাৰীক সেৱা আগবঢ়াই আছে। ইয়াৰ লগতে ফ্লিপকাৰ্ট পে’ লেটাৰ বিকল্পৰ প্ৰৱৰ্তনে এই প্লেটফৰ্মক আৰু অধিক সমৃদ্ধ কৰিলে, কিয়নো ইয়াৰ জৰিয়তে গ্ৰাহকসকলক নমনীয় ইএমআই বিকল্প প্ৰদান কৰিছে। ফ্লিপকাৰ্ট পে’ই বীমা(ইঞ্চুৰেন্স) সেৱা আৰু ৰিচাৰ্জ আৰু বিল পেমেণ্টৰ বাবে এটা সম্প্ৰসাৰিত কেটেগৰীৰ সংযোজন কৰিছে, যিয়ে ডিজিটেল পেমেণ্ট সৰল কৰাৰ প্ৰতিশ্ৰুতিক আৰু অধিক শক্তিশালী কৰিছে।

গুৱাহাটীৰ বজাৰত ফ্লিপকাৰ্ট পেই ব্যৱহাৰকাৰীৰ ব্যস্ততা-নিয়োজনতা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। উঃ-পূৰ্বাঞ্চলত বৰ্ধিত ই-কমাৰ্চৰ জৰিয়তে এটা নিৰ্দিষ্ট প্লেটফৰ্মৰ অধীনত বিভিন্ন পৰিশোধ বিকল্পৰ একত্ৰীকৰণে বাধাহীন বিত্তীয় লেনদেনৰ বৰ্ধিত চাহিদা পূৰণ কৰিব। এই শেহতীয়া পদক্ষেপ ফ্লিপকাৰ্টৰ ব্যৱসায়িক ষ্ট্ৰেটেজীৰ সৈতে সংগতি ৰাখে যাতে সমগ্ৰ ভাৰতত ইয়াৰ গ্ৰাহকসকলৰ বাবে অধিক সুবিধা আৰু অভিগম্যতা বৃদ্ধি কৰিব পৰা যায়।