ব্ৰেণ্ড এম্বেছাদৰ ৰণবীৰ সিঙৰ সৈতে দেশজুৰি সংসাৰৰ নতুন টিভিচি মুকলি

170

গৃহ সজ্জাৰ সামগ্রী খণ্ডৰ দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান ডি’ডেকোৰে দেশজুৰি খুচুৰা বিক্ৰীৰ নতুন ব্ৰেণ্ড সংসাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ভাৰতৰ ৫০খন মেট্ৰ’ চহৰ আৰু নন-মেট্ৰ’ চহৰৰ ৩৫০টা ষ্ট’ৰত উপলব্ধ সংসাৰে সচেতন জীৱন-যাপনৰ বাবে সমৰ্পিত আৰু মননশীলভাৱে প্ৰস্তুত কৰা গৃহসজ্জাৰ সামগ্ৰী আগবঢ়ায়। ইয়াৰ পূৰ্বে সংসাৰে এখন নতুন টিভিচি মুকলি কৰিছে, য’ত ব্ৰেণ্ড এম্বেছাদৰ আৰু বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ সিঙে ‘লাইভ কনচিয়ালি’ টেগলাইনৰ সৈতে বিজ্ঞাপনত অভিনয় কৰিছে। এই বিজ্ঞাপনটোৱে সংসাৰৰ মননশীল জীৱন-যাপনৰ প্ৰতি থকা সমৰ্পণৰ সৈতে অনুৰণন ঘটাইছে। ইয়াত এনে ঘৰৰ চিত্ৰায়ণ কৰা হৈছে য’ত প্ৰতিটো পছন্দই পৰিৱেশৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলোৱাত অৰিহণা যোগায়।

সংসাৰৰ সৈতে অভিনেতা ৰণবীৰ সিঙৰ সহযোগিতাই পৰিৱেশ সজাগতাৰ সৈতে নিজৰ ষ্টাইলক নিৰৱচ্ছিন্নভাৱে একত্ৰিত কৰাৰ ব্ৰেণ্ডৰ বাৰ্তাক আলোকপাত কৰিছে, য’ত গ্ৰাহকসকলক দায়িত্বশীলভাৱে নিজৰ বাসস্থান উন্নীত কৰাৰ সুযোগ প্ৰদান কৰে। সংসাৰৰ ব্যৱসায়িক মুৰব্বী সঞ্জনা অৰোৰাই এই বিষয়ে কয় যে, “ভাৰততে প্ৰস্তুত প্ৰিমিয়াম, মিনিমালিষ্ট কাপোৰৰ যোগান ধৰি সংসাৰে সগৌৰৱে ব্যৱসায় অব্যাহত ৰাখিছে। এই সামগ্ৰীসমূহ সমগ্ৰ ভাৰতৰ প্ৰধান মেট্ৰ’ চহৰ, টায়াৰ ১, ২ আৰু ৩ চহৰৰ একচেটিয়া খুচুৰা বিপণীসমূহত আমাৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে উপলব্ধ হ’ব।” জুলাই মাহৰ পৰা সংসাৰে পৰ্দা আৰু আপহলষ্টৰীকে ধৰি প্ৰিমিয়াম কোমল আচবাবৰ কাপোৰৰ এক বিস্তৃত সংগ্ৰহ গ্ৰাহকৰ বাবে মুকলি কৰিছে, আহি থকা দিনত অনাগত মাহত যিকোনো বাসস্থানক উন্নীত কৰিবলৈ ডিজাইন কৰা প্ৰিমিয়াম হোম ডেকোৰ কাপোৰৰ এক বিস্তৃত পৰিসৰ মুকলি কৰিব।