একেলগে দেখা যাব পিতৃ-কন্যাৰ যুটি অনিল আৰু সোণম কাপুৰক

116

শিশু-নবজাতকৰ স্কিনকেয়াৰৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান জনছন’ছ® বেবীয়ে মুকলি কৰিলে শেহতীয়া টেলিভিছন অভিযান “প্ৰটেকচন* কা প্ৰমিজ পেহলে দিন ছে”, য’ত বলীউডৰ তাৰকা অভিনেতা অনিল কাপুৰ আৰু অভিনেত্ৰী  কন্যা সোণম কাপুৰে অভিনয় কৰিছে। ডিডিবি মুদ্ৰাৰ ধাৰণাৰে প্ৰস্তুত কৰা এই নতুন অভিযানে শিশুৰ বাবে সুৰক্ষিত উপাদানৰ পৰা তৈয়াৰী সামগ্ৰীৰে কেঁচুৱাৰ প্ৰথম দিনাৰ পৰাই নবজাতকৰ সুক্ষ্ম ছালখনক সুৰক্ষিত কৰাৰ বাবে ব্ৰেণ্ডটোৰ প্ৰতিশ্ৰুতিক আৰু অধিক উজ্জ্বল কৰি তুলিছে।

এই অভিযানত আইকনিক পিতৃ-কন্যা যুটিৰ মাজত এক চঞ্চল আৰু আৱেগিক পাৰস্পৰিক বাৰ্তালাপ প্ৰদৰ্শন কৰা হৈছে। বিজ্ঞাপন ছবিখনত এজন উদ্বিগ্ন ককাকৰ চৰিত্ৰত অভিনয় কৰি অনিল কাপুৰে গা ধোৱাৰ পিছত শিশুটিৰ ছালৰ আৰ্দ্ৰতা ধৰি ৰখাৰ ওপৰত কন্যাক প্ৰশ্ন উত্থাপন কৰিছে। বাস্তৱ জীৱনৰ ভূমিকাৰ ওপৰত নিজৰ অভিজ্ঞতা প্ৰতিফলিত কৰি সোণম কাপুৰে অনিল কাপুৰৰ বিখ্যাত ভূমিকাক ‘মি. ইণ্ডিয়া’ ১৯৮৭ চনৰ ছবিখনৰ পৰা তুলি ধৰি বিশেষ ৰূপত প্ৰকাশ কৰিছে। অনিল কাপুৰে জনছন’ছ বেবী চাবোনৰ উপকাৰিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যি প্ৰাকৃতিকভাৱে আহৰণ কৰা গ্লিচাৰিন আৰু ভিটামিন ই-ৰে সমৃদ্ধ, যিয়ে নৱজাতকৰ বাবে অনুকূল আৰ্দ্ৰতা আৰু ছালৰ সুৰক্ষা নিশ্চিত কৰে।

অনিল কাপুৰে এই অভিযানৰ প্ৰতি নিজৰ উৎসাহ প্ৰকাশ কৰি কয় যে, “আমাৰ অভিভাৱকত্ব যাত্ৰাৰ সেই দিনবোৰটো বিশ্বাসযোগ্য অংশীদাৰ হিচাপে পৰিগণিত হোৱা ব্ৰেণ্ডৰ বাবে এই অভিযানত সোণমৰ সৈতে সহযোগিতা কৰি অভিনয় কৰিবলৈ পোৱাটো এক আনন্দৰ ক্ষণ আছিল।” সোণম কাপুৰে এই আৱেগক অনুৰণিত কৰি নিজৰ কেঁচুৱাটোৰ বাবে নিৰাপদ, কোমল সামগ্ৰী বাছি লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই অভিযান সমগ্ৰ টেলিভিছন, ডিজিটেল প্লেটফৰ্ম আৰু ছ’চিয়েল মিডিয়াযোগে প্ৰচাৰ কৰা হ’ব। এই বিজ্ঞাপনৰ লক্ষ্য হৈছে অভিভাৱকৰ মাজত অনুৰণন ঘটোৱা আৰু জনছন’ছ বেবীৰ ১৩০ বছৰতকৈও অধিক সময় ধৰি শিশুক কোমল যতন প্ৰদানৰ সমৃদ্ধ উত্তৰাধিকাৰক পুনৰ সুদৃঢ় কৰা। জনছন’ছ বেবীৰ সামগ্ৰীসমূহ বহুলভাৱে ব্যৱহৃত হোৱা গুৱাহাটীত এই অভিযানে ব্ৰেণ্ডটোৰ উপস্থিতি শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। স্থানীয় খুচুৰা বিক্ৰেতাসকলে শিশুৰ ছালৰ যত্নৰ সামগ্ৰীৰ অবিৰত চাহিদা লক্ষ্য কৰিছে, যিয়ে জনছন’ছ বেবীৰ ওপৰত সম্প্ৰদায়ৰ আস্থাক নিজৰ গুণগত মানসম্পন্ন আৰু কোমলকৈ প্ৰস্তুত সমগ্ৰীসমূহৰ বাবে প্ৰতিফলিত কৰিছে। এই অভিযানে সমগ্ৰ অঞ্চলটোত ব্ৰেণ্ডটোৰ জনপ্ৰিয়তা আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।