মোহন বাগান-জামছেদপুৰ এফ চিৰ জয়

29

মোহন বাগানে চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ কৰিছে | ইফালে, বিগত বৰ্ষৰ চেম্পিয়ন মোহনে বাগানে যোৱানিশা প্ৰতিযোগিতাৰ উদ্বোধনী মেচত একমাত্ৰ গলত পৰাস্ত কৰে শ্ৰীনগৰৰ ক্লাব ডাউন টাউন হিৰোজ এফ চিক৷ গৃহভূমি বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা মেচত মোহন বাগানৰ হৈ ৭৩ মিনিটত গল কৰে ছুহাইল ভাটে৷

ইফালে, জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত আই এছ এলৰ দল জামছেদপুৰ এফ চিয়ে আছাম ৰাইফলৰ বিৰুদ্ধে ৩-০ গলত জয়লাভ কৰে৷ গ্ৰুপ ‘ডি’ৰ প্ৰথম মেচখনত জামছেদপুৰ দলৰ হৈ ছাননে দুটা আৰু ইমৰাণ খানে এটা গল কৰে৷ স্মৰ্তব্য যে ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ খেল এইবাৰ প্ৰথমবাৰৰ বাবে জামছেদপুৰত আয়োজন কৰা হৈছে৷

এইবাৰ ডুৰাণ্ড কাপৰ তিনিটা গ্ৰুপৰ খেল কলকাতাত অনুষ্ঠিত হোৱাৰ বিপৰীতে কোকৰাঝাৰ, শ্বিলং আৰু জামছেদপুৰত এটাকৈ গ্ৰুপৰ মেচ অনুষ্ঠিত হ’ব৷