গ্লেনমাৰ্ক ফাউণ্ডেচন, চি-এনইএছ আৰু দৰং জিলাৰ উদ্যোগত অসমৰ মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ মুকলি কৰিছে বোট ক্লিনিক

159

গ্লেনমাৰ্ক ফাউণ্ডেচনে চেণ্টাৰ ফৰ নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচি ৰিচাৰ্চ (চি-এন ই এছ) আৰু দৰং জিলা প্ৰশাসনৰ সহযোগত এক অত্যাধুনিক নাও(বোট) ক্লিনিক আৰম্ভ কৰিছে। এই অভিনৱ প্ৰকল্পৰ উদ্দেশ্য হৈছে অসমৰ দূৰৱৰ্তী বা পিছপৰা আৰু বানপ্ৰৱণ নৈপৰীয়া লোকসকলৰ মাজত অত্যাৱশ্যকীয় স্বাস্থ্যসেৱা প্ৰদান কৰি মাতৃ আৰু শিশুৰ স্বাস্থ্য উন্নত আৰু সঠিক কৰি ৰখা। এই অভিনৱ ক্লিনিকে ভৌগোলিকভাৱে বিচ্ছিন্ন আৰু ঋতুভিত্তিক বানপানীৰ ফলত স্বাস্থ্যসেৱাৰ লাভৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতাসমূহ নোহোৱা কৰে।

এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ মোবাইল স্বাস্থ্যসেৱা ইউনিটটোক বিশেষভাৱে ডিজাইন কৰা হৈছে, ইয়াত টিকাকৰণ বা প্ৰতিষেধক, প্ৰসৱৰ পূৰ্বৰ যতন আৰু স্বাস্থ্য-শিক্ষাকে ধৰি জটিল চিকিৎসা সেৱাসমূহ প্ৰদান কৰে। পৰীক্ষাগাৰ আৰু ফাৰ্মাচীৰে সজ্জিত এই নাওখনত চিকিৎসক, নাৰ্ছ, লেব টেকনিচিয়ান আৰু ফাৰ্মাচিষ্টৰ এটা দলে অতি ভিতৰুৱা অঞ্চলত নিয়মীয়াকৈ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিব। এনএইচএম দৰঙৰ ডিপিএম নয়না পৰাশৰে এই ইতিবাচক কাৰ্যসূচীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে, “বোট ক্লিনিকে স্বাস্থ্য সেৱাৰ এক গুৰুত্বপূৰ্ণ ব্যৱধান পূৰণ কৰিব, যাৰ ফলত দুৰ্গম অঞ্চলত প্ৰৱেশৰ যথেষ্ট উন্নতি হ’ব।” দৰঙৰ জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই এই পদক্ষেপক প্ৰশংসা কৰি কয় যে, এই ক্লিনিকৰ দ্বাৰা জিলাখনৰ নদীৰ মাজত থকা লোক বা চৰসমূহলৈ স্বাস্থ্য সেৱা সম্প্ৰসাৰণৰ প্ৰচেষ্টাক শক্তিশালী কৰা হ’ব।

২০০৮ৰ পৰা চি-এনইএছে অসমৰ ১৪খন জিলাত এইধৰণৰ বোট ক্লিনিক চলাই আহিছে আৰু দৰং জিলাত শুভাৰম্ভনিয়ে এই মডেলৰ দ্বাৰা উপকৃত হোৱা ১৫ সংখ্যক জিলা হিচাপে পৰিগণিত হৈছে। চি-এনইএছৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন ট্ৰাষ্টী সঞ্জয় হাজৰিকাই এই কাৰ্যসূচীৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “এই পদক্ষেপে প্ৰান্তীয় বা পিছপৰা লোকসমূহৰ স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰিব।” গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছৰ কাৰ্যবাহী সঞ্চালক – কৰ্পৰেট সেৱা হিচাপে চেৰিলক নিযুক্তিয়ে এই সহযোগিতাৰ বিষয়ে উৎসাহ প্ৰকাশ কৰে, “এই কাৰ্যসূচীয়ে বিশেষকৈ বানপানী প্ৰৱণ অঞ্চলত মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ বাবে উদ্ভাৱনীমূলক সমাধানৰ প্ৰতি আমাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।”