হাৰ্দিক পাণ্ডিয়াই পত্নী নাতাশা ষ্টানকোভিকৰ পৰা পৃথক হোৱাৰ ঘোষণা

45

ভাৰতৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই বৃহস্পতিবাৰে চাৰি বছৰৰ সম্পৰ্কৰ পিছত পত্নী নাতাশা ষ্টানকোভিকৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰে। দুয়োজনে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এক যুটীয়া বিবৃতিত সিদ্ধান্তটো প্ৰকাশ কৰে। দুয়োজনে ২০২০ চনৰ ৩১ মে’ত বিবাহ পাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ পুত্ৰ আগাষ্টিয়াৰ জন্ম এই বছৰৰ ৩০ জুলাইত হয়। তেওঁলোকে ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীত উদয়পুৰত ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ উপস্থিতিত এক বিশাল অনুষ্ঠানত পুনৰ বিবাহ পাশত আৱদ্ধ হৈছিল।

তেওঁলোকে ইনষ্টাগ্ৰামত লিখিছে, “৪ বছৰ একেলগে থকাৰ পিছত, নাতাশা আৰু মই একেলগে পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি একেলগে যথাসাধ্য চেষ্টা কৰিছিলো আৰু আমাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিছিলো। এতিয়া আমি অনুভৱ কৰোঁ যে আমাৰ দুয়োৰে বাবে পৃথক হোৱাটো ভাল। এইটো আমাৰ বাবে এক কঠিন সিদ্ধান্ত আছিল, কিয়নো আমি একেলগে উপভোগ কৰিছিলো, সন্মান কৰিছিলো আৰু এটা পৰিয়াল হিচাপে সমৰ্থন কৰিছিলো।”

লগতে উল্লেখ আছিল, “আমি অগাষ্টিয়াৰ দৰে এটা উপহাৰ পাইছিলো। তেওঁ এতিয়া আমাৰ দুয়োটা জীৱনৰ কেন্দ্ৰ বিন্দু হ’ব। আমি ইজনে সিজনক সম্পূৰ্ণ সমৰ্থন দিম যাতে আমি আমাৰ পুত্ৰ অগাষ্টিয়াৰ বাবে সকলোবোৰ কৰোঁ, যি তেওঁক সুখী কৰে।”ছাৰ্বিয়ান মূলৰ ষ্টানকোভিচ মুম্বাইৰ এগৰাকী নৃত্যশিল্পী, মডেল আৰু অভিনেত্ৰী। তেওঁ প্ৰকাশ ঝাৰ পৰিচালিত “সত্যাগ্ৰহ”ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।