লাভা ব্লেজ এক্সে মুকলি কৰিলে মিড-ছেগমেণ্টৰ প্ৰথম ১২০ হাৰ্টজ কাৰ্ভড এমোলেড ডিচপ্লে

127

লাভা ইণ্টাৰনেচনেল লিমিটেডে নিজৰ ব্লেজ ছিৰিজৰ যুগান্তকাৰী সংযোজন হিচাপে শেহতীয়া আকৰ্ষণীয় স্মাৰ্টফোন লাভা ব্লেজ এক্স মুকলি কৰিলে। ১৩,৯৯৯ টকা*ৰ পৰা আৰম্ভ হোৱা ব্লেজ এক্স ফোনটো এই ছেগমেণ্টৰ প্ৰথমটো ১২০ হাৰ্টজ কাৰ্ভড এমোলেড ডিছপ্লে হিচাপে পৰিগণিত হৈছে, যি ফোনত উন্নত বৈশিষ্ট্য আৰু মাৰ্জিত ডিজাইনৰ সৈতে মিড-ছেগমেণ্টৰ বজাৰখনক উন্নীত কৰি নতুন মাত্ৰা প্ৰদান কৰিছে। ষ্টাৰলাইট পাৰ্পল আৰু টাইটানিয়াম গ্ৰে ৰঙত উপলব্ধ ব্লেজ এক্স মোবাইলত আছে এক আকৰ্ষণীয় ৬.৬৭ ইঞ্চিৰ ডিছপ্লে, মিডিয়াটেক ডাইমেনচিটি ৬৩০০ প্ৰচেছৰ, আৰু ৮জিবি পৰ্যন্ত ৰেম, এই সুবিধাসমূহে মোবাইলটোৰ মসৃণ পৰিৱেশন নিশ্চিত কৰে।

ইয়াৰ ৬৪এমপি + ২এমপি ৰেয়াৰ কেমেৰাত চ’নী চেন্সৰ আৰু ১৬এমপি ফ্ৰণ্ট কেমেৰাত ডুৱেল ভিউ ভিডিঅ’ আৰু প্ৰ’ মোডকে ধৰি বহুমুখী ফটোগ্ৰাফী বিকল্প ৰখা হৈছে। “ব্লেজ এক্স মোবাইলে নিজৰ ছেগমেণ্ট-প্ৰথম বক্ৰএমোলেড ডিছপ্লে, পৰিৱেশন আৰু নান্দনিকতাৰ সৈতে উদ্যোগৰ ব্যৱধানসমূহ দূৰ কৰিছে। আমি আশা কৰোঁ যে আমাৰ অনুৰাগীসকলে এইসমূহ সুবিধাৰ জৰিয়তে মোবাইল অভিজ্ঞতাসমূহ উপভোগ কৰিব।’-লাভা ইণ্টাৰনেচনেল লিমিটেডৰ প্ৰডাক্ট হেড সুমিত সিঙে এইদৰে কয়।

এণ্ড্ৰইড ১৫লৈ নিশ্চিত উন্নীতকৰণ আৰু দুবছৰৰ বাবে সুৰক্ষা আপডেটৰ সৈতে মোবাইলটোৱে ব্লটৱেৰ-ফ্ৰি, বিজ্ঞাপনমুক্ত এণ্ড্ৰইড ১৪ অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিছে। ৫০০০এমএএইছ বেটাৰী, ২২ডব্লিউ ফাষ্ট চাৰ্জিং আৰু ফ্ৰী চাৰ্ভিচ @হোমৰ জৰিয়তে ব্লেজ এক্সে লাভাৰ গ্ৰাহক-প্ৰথম দৰ্শনৰ উদাহৰণ দাঙি ধৰিছে। চলিত মাহৰ ২০ জুলাইৰ পৰা গ্ৰাহকৰ বাবে লাভা ব্লেজ এক্স লাভা ই-ষ্ট’ৰ আৰু আমাজনত উপলব্ধ হ’ব।