সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত জম্মু-কাশ্মীৰত ৫ জন জোৱান শ্বহীদ

48

জম্মু-কাশ্মীৰৰ ডোডা জিলাত সন্ত্ৰাসবাদীৰ সৈতে সোমবাৰে সন্ধিয়াৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হোৱা এজন বিষয়াসহ পাঁচজন জোৱানৰ মঙলবাৰে পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। খবৰ অনুসৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সোমবাৰে সন্ধিয়া ডোডা চহৰৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ দূৰত দেশা বনাঞ্চলত ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোটৰ (এছঅ’জি) কৰ্মীয়ে যুটীয়া তালাচী অভিযান আৰম্ভ কৰাৰ সময়তে এই সংঘৰ্ষ সংঘটিত হয়। অভিযানৰ অলপ সময়ৰ পিছত গুলি চালনা কৰি সন্ত্ৰাসবাদীয়ে উক্ত স্থানৰ পৰা পলাবলৈ চেষ্টা কৰে।

এজন বিষয়াৰ নেতৃত্বত সাহসী জোৱানসকলে তেওঁলোকক প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলত ঘন অৰণ্যৰ মাজেৰে সন্ত্ৰাসবাদীক পিচা কৰে। তাৰ পিছত নিশা প্ৰায় ৯ বজাত বনাঞ্চলত আন এটা সংঘৰ্ষ হয়। এই সংঘৰ্ষত পাঁচজন সৈনিক গুৰুতৰভাৱে আহত হয় আৰু চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মঙলবাৰে পুৱা চিকিৎসাৰ সময়ত তেওঁলোকক মৃত বুলি ঘোষণা কৰা হয় । শ্বহীদ সৈনিকসকলৰ ভিতৰত এজন সেনা বিষয়া আৰু তিনিজন সৈনিক আৰু জম্মু- কাশ্মীৰ আৰক্ষীৰ এজন জোৱান আছিল।

সন্ত্ৰাসবাদী সংগঠন কাশ্মীৰ টাইগাৰে ডোডা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এই সংগঠনটো জৈশ-ই-মহম্মদৰ এটা শাখা, যি অলপতে কাঠুৱাত সেনাৰ কনভয়ৰ ওপৰত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। যোৱা কেইসপ্তাহমানৰ পৰা জম্মু অঞ্চলৰ কেইবাটাও ঠাইত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছত নিৰাপত্তা বাহিনী হাই এলাৰ্টত আছে।