কোকা-কোলা ইণ্ডিয়াৰ ‘মেড ইন ইণ্ডিয়া’ পুনঃব্যৱহৃত পিইটি পতাকাসমূহৰ জৰিয়তে আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ত বহনক্ষম বিজয়ৰ ওপৰত আলোকপাত

149

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত আয়োজিত ২০২৪ বৰ্ষৰ আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপত ভাৰতে চেম্পিয়নৰ খিতাপ দখল কৰাৰ সময়ছোৱাত কোকাকোলা ইণ্ডিয়া আৰু আইচিচিয়ে একেলগে দ্বৈত জয় উদযাপন কৰিছে। এই উদযাপনৰ মূলতে হৈছে ‘মেড ইন ইণ্ডিয়া’ ৰাষ্ট্ৰীয় আৰু ক্ৰিকেট ৪ গুড ফ্লেগ, যিবোৰ সম্পূৰ্ণৰূপে পুনঃব্যৱহৃত পিইটি বটলৰ পৰা তৈয়াৰ কৰা হৈছিল, যিয়ে বহনক্ষম উদ্ভাৱনৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ ৰূপে চিহ্নিত হৈছে।

৩৫ মিটাৰ দীঘল আৰু ২০ মিটাৰ বহল প্ৰতিখন দেশৰ পতাকা প্ৰতিযোগিতাখনৰ উদ্বোধনী গীত পৰিৱেশনৰ সময়ত বিশেষভাৱে প্ৰদৰ্শিত হৈছিল, যিয়ে ক্ৰীড়াবিদ আৰু পৰিৱেশ পৰিচালনাৰ সংমিশ্ৰণ প্ৰদৰ্শন কৰিছিল। কোকাকোলা ইণ্ডিয়াৰ বহনক্ষমতাৰ প্ৰতি দায়বদ্ধতা উজ্বল কৰি গ’ ৰিৱাইজ আৰু গণেশা ইক’ভাৰ্ছ লিমিটেডে সংসাধন কৰা প্ৰতিখন  প্ৰায় ১১,০০০ পিইটি বটল ৰাষ্ট্ৰীয় পতাকাৰ বাবে আৰু ২০০০ বটল প্ৰতিখন আইচিচি ক্ৰিকেট ফৰ গুড ফ্লেগৰ বাবে ব্যৱহাৰ কৰিছিল।

কোকাকোলাৰ ভাৰত আৰু দক্ষিণ-পশ্চিম এছিয়াৰ চিএছআৰ আৰু বহনক্ষমতা বিভাগৰ জ্যেষ্ঠ সঞ্চালক ৰাজেশ আয়াপিলাই এই পদক্ষেপক প্ৰশংসা কৰি কয় যে, “এই পুনঃব্যৱহৃত পিইটি পতাকাসমূহে বৃত্তাকাৰ অৰ্থনৈতিক নীতি আৰু পৰিৱেশৰ দায়বদ্ধতাৰ প্ৰতি আমাৰ সমৰ্পণৰ উদাহৰণ দাঙি ধৰিলে।” গুৱাহাটীৰ বজাৰৰ দৃষ্টিভংগীক উজ্জ্বল কৰি এই পতাকাসমূহে কেৱল সমগ্ৰ বিশ্বৰ দৰ্শকসকলক মুগ্ধ কৰাই নহয়, লগতে পুনঃব্যৱহৃত প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ ওপৰতো আলোকপাত কৰিছিল। এই বহনক্ষম পদক্ষেপে প্ৰতিযোগিতাখনৰ পৰিৱেশ বৃদ্ধি কৰাই নহয়, লগতে ভৱিষ্যতৰ ক্ৰীড়া প্ৰতিযোগিতাসমূৰ বাবেও এক নতুন বেঞ্চমাৰ্ক স্থাপন কৰিলে।