উত্তৰ প্ৰদেশৰ উন্নাওত পথ দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু

61

উত্তৰ প্ৰদেশৰ উন্নাওৰ ওচৰত বুধবাৰে পুৱা সংঘটিত বাছ দুৰ্ঘটনাত কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ১৯ জন লোক আহত হৈছে। আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেৰ উন্নাওৰ মাজেৰে এখন নৈশ বাছ পাৰ হৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। বাছখন এখন গাখীৰ টেংকাৰৰ সৈতে সংঘৰ্ষ হয়।

উন্নাওৰ গাৰা গাঁৱৰ ওচৰত এক্সপ্ৰেছৱেৰ ২৪৮ নম্বৰ মাইলৰ খুঁটিৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, টেংকাৰখনক অতিক্ৰম কৰাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়। টেংকাৰখনৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত বাছখন এক্সপ্ৰেছৱেত বাগৰি পৰে। যাৰ ফলত বাছখনত থকা বহুযাত্ৰীৰ ঘটনাস্থলীত মৃত্যু হয়। বাছখন বিহাৰৰ সীতামাঢ়ীৰ পৰা মতিহাৰী হৈ দিল্লীলৈ গৈ আছিল। দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আহতসকলক চিকিৎসাৰ বাবে উন্নাওৰ বাংগাৰমাউ চিএইচচিলৈ প্ৰেৰণ কৰা হৈছে।

কিছুমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যাত্ৰীক চিকিৎসাৰ বাবে লক্ষ্ণৌলৈ প্ৰেৰণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে আৰু জিলা প্ৰশাসনক ঘটনাস্থলীত উপস্থিত হ’বলৈ আৰু দ্ৰুত গতিত সাহায্যৰ কাম কৰিবলৈ নিৰ্দেশ দিছে। মৃতসকলৰ ভিতৰত আছে ১৪ জন পুৰুষ, দুগৰাকী মহিলা আৰু দুটি শিশু।কেন্দ্ৰীয় চৰকাৰে মৃতকৰ পৰিয়ালক দুই লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে।