সমাজ দৰদী মথুৰাপুৰী বঁটা থানেশ্বৰ মালাকাৰলৈ

81

বৰ্ষীয়ান বেহেলা বাদক সত্যকৃষ্ণ মিশ্ৰলৈ এইবাৰৰ ২০২৪ বৰ্ষৰ ‘তাঁতীকুছি বঁটা’ আগবঢ়োৱা হ’ব । সমান্তৰাল ভাৱে বিশিষ্ট সাহিত্যিক তথা বৰপেটাৰ প্ৰাক্তন আয়ুক্ত থানেশ্বৰ মালাকাৰলৈ ২০২৪ বৰ্ষৰ ‘সমাজ দৰদী মথুৰাপুৰী বঁটা’ আৰু ২০২৪ বৰ্ষৰ প্ৰয়াত শিক্ষাবিদ ‘অৰ্জুন চন্দ্ৰ দাস বঁটা’ বিশিষ্ট গণিতজ্ঞ তাৰকেশ্বৰ চৌধুৰীলৈ আগবঢ়োৱা হ’ব । আয়োজক তথা বৰপেটাৰ সমাজ সেৱী সংগঠন ‘তাতীকুছি’ৰ উদ্যোগত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়  ‘তাতীকুছি’ৰ আহ্বানত তথা কৃষ্ণকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰথমে ‘তাঁতীকুছি’ৰ মুখ্য সম্পাদক হৰেকৃষ্ণ দাস দীপুৱে আঁত ধৰা সভাখনত এইবাৰৰ উচ্চ মাধ্যমিক পৰীক্ষাত গণিত বিষয়ত সৰ্ব্বোচ্চ নম্বৰ প্ৰাপ্ত তথা কলগাছিয়াৰ ক্ষুদ্ৰাকুছিৰ আব্বাছ আলী চৌধুৰী মেমোৰীয়েলৰ মেধাৱী ছাত্ৰ আশিক হুছেইনৰ উপৰিও উচ্চ মাধ্যমিক পৰীক্ষাত সকলো বিষয়ত সৰ্ব্বোচ্চ নম্বৰ প্ৰাপ্ত তথা বৰপেটাৰ চেইন্ট টেৰেছা ইংৰাজী স্কুলৰ মেধাৱী ছাত্ৰী দীয়া বায়নক সম্বৰ্ধনা জনোৱা হ’ব ।

আনহাতে ইন্দোৰৰ আইআইটীত স্নাতকোত্তৰ ডিগ্ৰীত সকলো বিষয়তে সৰ্বোচ্চ নম্বৰৰ অধিকাৰী,মহাকাশ গৱেষণা সংস্থা, ‘নাছা’ৰ অধীনত চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি সম্পৰ্কে গৱেষণাৰত মেধাৱী ছাত্ৰী তথা বুটি ফাউণ্ডেছনৰ  স্বৰ্ণ পদকৰ বাবে নিৰ্বাচিত বৰপেটাৰ কৃষ্ণাংগী কাশ্যপলৈ বিশেষ সম্বৰ্ধনা জনোৱা হ’ব । অহা ১২ চেপ্তেম্বৰত অনুষ্ঠিত হবলগীয়া এক অনুষ্ঠানত তেওঁলোকলৈ এই সন্মান প্ৰদান কৰা হ’ব বুলি আজিৰ সভাখনত সদৰি কৰা হয় । ইয়াৰ পূৰ্বে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সভাত লোৱা বিষয় সমূহ দাঙি ধৰে হৰেকৃষ্ণ দাস দীপুৱে আৰু উক্ত সভাত উপস্থিত বিশিষ্ট ব্যক্তি তথা গণ্য মান্য ব্যক্তি সকলৰ সৰ্ব সন্মতি ক্ৰমে গৃহীত কৰা হয় ।

সভাত প্ৰাক্তন বিধায়কদ্বয় ক্ৰমে সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ  তাৰা প্ৰসাদ দাস, বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা জিলা সমিতিৰ সভাপতি অনিল কুমাৰ দাস, ক্ৰীড়া সংগঠক প্ৰদীপ কুমাৰ দাস প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি তথা আয়োজক ‘তাঁতীকুছি’ৰ নৱীন-প্ৰবীন সদস্য সকল উপস্থিত থাকে ।