অসমৰ ২৯ জন জিলাৰ ২১ লাখৰো অধিক লোক বানপানীত ক্ষতিগ্ৰস্ত

72

অসমৰ বান পৰিস্থিতি নিৰন্তৰ অৱনতি হৈ আহিছে। যোৱা নিশাৰ পৰা বানপানীত আৰু ছয়জন লোকৰ মৃত্যু হৈছে। ২৯ খন জিলাৰ ২১ লাখৰো অধিক লোক বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুখ্য নদীবোৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। নলবাৰী জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলবোৰৰ ভিতৰত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) কয় যে বৃহস্পতিবাৰে নিশাৰ পৰা বানপানীত মৃত্যু হোৱা ছয়জন লোকৰ ভিতৰত চাৰিজন গোলাঘাট জিলাৰ। ডিব্ৰুগড় আৰু চৰাইদেউ অঞ্চলত এজনকৈ লোকৰ মৃত্যু হৈছে। যাৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে। সাহায্য সংস্থাসমূহে বহুতো অঞ্চলত সাহায্যৰ কাম আৰম্ভ কৰিছে। বহু ঠাইত খাদ্য বিতৰণ কৰা হৈছে আৰু বানপানীত আৱদ্ধ লোকসকলক সাহায্য শিবিৰলৈ লৈ যোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ মালিগাঁও, পাণ্ডু বন্দৰ আৰু মাজুলীৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ সময়ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই বানপীড়িত মৰিগাঁও জিলা পৰিদৰ্শন কৰে আৰু ভূৰাগাওঁৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে বাৰ্তালাপ কৰে।