উত্তৰ-পূবৰ অন্যতম বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা এনইএছএফবিৰ

165

নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকে উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ নিযুক্তি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই বিস্তৃত পদক্ষেপৰ প্ৰথম পৰ্যায়ত বেংকটোৱে ২০০ৰো অধিক নতুন কৰ্মচাৰীক নিযুক্তি দিয়াৰ লক্ষ্য লৈছে। এনইএছএফবিয়ে গুৱাহাটী, লখিমপুৰ, নলবাৰী, তেজপুৰ, যোৰহাট, ডিফু, ডিব্ৰুগড়, কোকৰাঝাৰ, কামৰূপ,শ্বিলং, শিলিগুড়ি, আগৰতলা আৰু আইজল আদি শাখাত বিভিন্ন কামৰ বাবে নিৰ্দিষ্ট পদত নিযুক্তি দিব।

এই নিয়োগ অভিযানৰ প্ৰথম পৰ্যায়ৰ বাবে বেংকটোৱে প্ৰধানভাৱে নিজৰ শাখাবোৰত দুটা গুৰুত্বপূৰ্ণ পদত নিয়োগ কৰিব: জনসম্পৰ্ক বিষয়া – সম্পদ আৰু জনসম্পৰ্ক বিষয়া – দায়বদ্ধতা। বেংক খণ্ডত স্নাতক ডিগ্ৰী আৰু ০-৩ বছৰৰ অভিজ্ঞতা থকা প্ৰাৰ্থীসকলক বিশেষভাৱে আবেদন কৰিবলৈ উৎসাহিত কৰা হয়। এই প্ৰয়াস এনইএছএফবিৰ বৃহত্তৰ উদ্দেশ্য উত্তৰ-পূৰ্বাঞ্চলত আৰ্থিক অন্তৰ্ভুক্তি, কৰ্মসংস্থাপন সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰ প্ৰসাৰৰ অন্যতম অংশ।

বেংগালুৰুস্থিত ফিনটেক ইউনিকৰ্ন, শ্লাইচৰ সৈতে সহযোগিতাৰে কাম আগবঢ়াই নিয়াৰ সমান্তৰালভাৱে অনাগত দিনবোৰত বেংকটোৱে নিজৰ কৰ্মশক্তি আৰু অধিক বৃদ্ধি কৰাৰ মনস্থ কৰিছে।  এই পদক্ষেপৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি এনইএছএফবিৰ এম ডি তথা চিইঅ’ সতীশ কুমাৰ কালৰাই কয় যে, “আমি আমাৰ স্থানীয় প্ৰতিভাসমূহক সঠিকভাৱে গুৰুত্ব প্ৰদান কৰি আহিছোঁ আৰু এইসকল লোকক বৃহৎ আৰু অধিক সুযোগেৰে সৱলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। ৫ বছৰীয়া এক বিস্তৃত উন্নয়ন পৰিকল্পনাৰে আমি অঞ্চলটোত বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰিম, যিসমূহ পদক্ষেপৰ বিষয়ে অচিৰে উত্তৰ-পূবৰ জনসাধাৰণৰ সৈতে আমি ভাগ-বতৰা কৰিম।”

ইচ্ছুক প্ৰাৰ্থীসকলক https://nesfb.com/applyত আবেদন কৰিবলৈ উৎসাহিত কৰা হৈছে।