ভেলেঙী নৈৰ তীব্ৰ খহনীয়াত জাহ গ’ল ২০ টা পৰিয়াল

75

বিগত কেইবাদিনত জনিয়াৰ পাতলিকুছিত ভেলেঙী নদীৰ তীব্ৰ খহনীয়াত কুড়িটাকৈ পৰিয়ালৰ ঘৰ-বাড়ী,ভেটি মাটিৰ লগতে কৃষিভূমি জাহ গৈছে। আনকি ইয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। জানিব পৰা মতে ভেলেঙী আৰু বেঁকী নৈৰ পানীৰ প্ৰৱল সোঁতে জনিয়া-পাতলিকুছিত বিগত ২০২২-২৩ বৰ্ষত ৯ টা পৰিয়ালৰ ভেটি মাটি,ঘৰ-বাড়ী সম্পূৰ্ণৰূপে নদীৰ কৰাল গ্ৰাসত উছন হোৱাৰ পিছত এইবেলি ১১টা পৰিয়াল সহ মুঠ ২০টা পৰিয়াল ধ্বংসস্তূপ হবলৈ গৈ আছে।

আনকি জনিয়া-পাতলিকুছি পথটোৰ বিস্তৰ খহনীয়াৰ কবলত পৰাৰ উপক্ৰম হৈছে। ফলত শ-শ পথচাৰী ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত ভীষন অসুবিধাৰ সৃষ্টি হৈছে। আৰু যদি পথচোৱা সম্পূৰ্ণৰূপে ভাঙি যায় তেন্তে অনাগত দিনত যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব আৰু বৰপেটা-মন্দিয়া-বাঘবৰহৈ ঘূৰি-পাকি জনিয়াৰ ৰাইজে অহা-যোৱা কৰিবলৈ বাধ্য হ’ব।

অতিশীঘ্ৰে বিজ্ঞানসন্মতভাৱে ভেলেঙী নৈ’ৰ ভয়ংকৰ খহনীয়া ৰোধ কৰাৰ দিহা কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী জনাইছে খহনীয়াত উছন হোৱা পৰিয়াল কেইটাৰ লগতে সমাজ সচেতন ৰাইজে।