অসম ভাষিক সংখ্যালঘু ব’ৰ্ডে আয়োজন কৰিলে ৰবীন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ নৃত্যানুষ্ঠান প্ৰতিযোগিতাৰ

107

অসম ভাষিক সংখ্যালঘু উন্নয়ন ব’র্ড, অসম চৰকাৰ-ৰ দ্বাৰা ৰবীন্দ্ৰজয়ন্তী উপলক্ষে আয়োজন কৰা ৰবীন্দ্রসংগীত আৰু ৰবীন্দ্ৰনৃত্যৰ চূড়ান্ত পৰ্যায়ৰ বাছনি প্রক্রিয়া আৰু বঁটা বিতৰণি অনুষ্ঠান সফলভাবে সমাপ্ত হয়। যোৱা ২৩ জুন, দেওৱাৰ গুৱাহাটীৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আন্তজার্তিক প্রেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিৱেশ আৰু বন, সংখ্যালঘু উন্নয়ন আদি বিভাগৰ মন্ত্রী চন্দ্ৰ মোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আদি বিভাগৰ মন্ত্রী জয়ন্তমল্ল বৰুৱা, নগাঁও-ব বিধায়ক ৰূপক শর্মা, অসম বিধানসভাৰ উপাধ্যক্ষ ড° নুমল মমিন, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য ড°অমলেন্দু চক্রবর্তী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু আন বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ আৰম্ভণিতে আমন্ত্রিত অতিথিসকলে দ্বাৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতি-ত পুষ্পার্ঘ অর্পণ কৰে। উল্লেখযোগ্য যে, অসমৰ উনৈশখন চহৰত ৰবীন্দ্রসংগীত আৰু ৰবীন্দ্রনৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই উনৈশখন কেন্দ্ৰৰ অনুষ্ঠানসমূহত ভিতৰত তিনি হেজাৰৰো অধিক প্রতিযোগীয়ে অংশগ্রহণ কৰিছিল। এই তিনি হাজাৰ প্ৰতিযোগীৰ ভিতৰত ২২৮ জন প্রতিযোগী ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে মনোনীত হৈছিল। তাৰে ক শাখা, খ শাখা, আৰু গ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা সকলো প্রতিযোগীক বঁটা বিতৰণ, নগদ অর্থ আৰু পুৰষ্কাৰ প্ৰদান কৰা হয়। স্থান প্রাপ্ত সকল হৈছে ক্রমে- ‘ক’ শাখাত ৰবীন্দ্ৰ সংগীতত প্রথম স্থান অর্জন কৰিছে অনন্য চক্ৰৱৰ্তীয়ে (কৰিমগঞ্জ), দ্বিতীয় দ্বীপলেখা দেৱী (বঙ্গাইগাঁও), তৃতীয় হৃদ মল্লিক (ধুবৰী), আৰু নিচুকনি বঁটা লাভ কৰিছে দেবাংশী দাসে (শিলচৰ)। ‘খ’ শাখাত ৰবীন্দ্ৰ সংগীতত প্রথম স্থান সৈকত চক্রবর্তী (গুৱাহাটী), দ্বিতীয় আয়ুশ্রী দাস (নগাঁও), তৃতীয় স্থান লাভ কৰে হিমচুমী গোস্বামীয়ে (বঙ্গাইগাঁও)।

‘গ’ শাখাত ৰবীন্দ্ৰ সংগীতত প্রথম স্থান অর্জন কৰিছে অংকিতা মিথেৰফাংছা (হাফলং), দ্বিতীয় মৌমিকা দেৱ (হাইলাকান্দি), তৃতীয় নীলাঞ্জনা মোদক (কৰিমগঞ্জ)। ‘ক’ শাখাত ৰবীন্দ্ৰ নৃত্যত প্রথম স্থান অর্জন কৰিছে সুজল ভট্টাচার্য (হাফলং), দ্বিতীয় ডিগবী শর্মা (বৰপেটা বোর্ড), বেদাত্রয়ী গোস্বামীয়ে (হাইলাকান্দি)। ‘খ’ শাখাত ৰবীন্দ্ৰ নৃত্যত প্রথম স্থান অর্জন কৰিছে অন্তৰা ভৌমিক (মৰিয়ানি), দ্বিতীয় দীপান্বিতা দত্ত (হাফলং), তৃতীয় ৰূপসা বোস-এ (লামডিং)। ‘গ’ শাখাত ৰবীন্দ্ৰ নৃত্য প্রথম স্থান অর্জন কৰিছে তনয় ৰয় (তেজপুৰ), দ্বিতীয় দীপাংকৰ বৰ্মন (হাফলং), তৃতীয় পাপ্পু সিং (লামডিং) আৰু বিউটি বৰুৱাই। ‘ক’ শাখাত প্রথম স্থান দখল কৰা শিল্পীক ১০,০০০ টকা নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। এই শাখাত দ্বিতীয় স্থান দখল কৰা শিল্পীক নগদ ৭,০০০ টকা আৰু তৃতীয় স্থান দখল কৰা শিল্পীক নগদ ৫,০০০ টকা প্রদান কৰা হয়। ‘খ’ শাখাত প্রথম স্থান দখল কৰা শিল্পীক ১৫,০০০ টকা নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। এই শাখাত

দ্বিতীয় স্থান দখল কৰা শিল্পীক নগদ ১২,০০০ টকা আৰু তৃতীয় স্থান দখল কৰা শিল্পীক নগদ ১০,০০০ টকা প্রদান কৰা হয়। ‘গ’ শাখাত প্রথম স্থান দখল কৰা শিল্পীক ২১,০০০ টকা নগদ পুৰস্কাৰ প্ৰদান কৰা হয়। এই শাখাত দ্বিতীয় স্থান দখল কৰা শিল্পীক নগদ ১৮,০০০ টকা আৰু তৃতীয় স্থান দখল কৰা শিল্পীক নগদ ১৫,০০০ টকা প্রদান কৰা হয়। পুৰস্কাৰ বিতৰণৰ পিছতেই এটি আকর্ষণীয় সাংস্কৃতিক সন্ধ্যাৰ আয়োজন কৰা হয়, য’ত মুখ্য আকৰ্ষণ হিচাপে উপস্থিত আছিল সত্ৰীয়া নৃত্যশিল্পী অনীতা শৰ্মা, সংগীত শিল্পী ৰূপম ভূঞা, মৌচুমী চহৰীয়া, ভাস্বতী ভাৰতী, নৃত্যশিল্পী অত্রেয়ী চক্রবর্তী প্রমুখ। অনুষ্ঠানৰ আৰম্ভণিতে অসম ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেবে জনায় যে, “ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা বিজয়ী হোৱা সকলো প্রতিযোগীলৈ মোৰ আন্তৰিক অভিনন্দন জনালো। আমাৰ এই অনুষ্ঠানে দুটা বছৰ সম্পূৰ্ণ কৰিলে, এই দুই বছৰত আমি ৰাইজৰ পৰা বহু সঁহাৰি লাভ কৰিছোঁ। আমি চেষ্টা কৰিম ৰবীন্দ্ৰজয়ন্তী অনুষ্ঠানটি ধাৰাবাহিকভাৱে বজায় ৰাখিবলৈ। এনেধৰণৰ কিছুমান অনুষ্ঠানৰ মাজেৰে আমি এই মহান ব্যক্তিগৰাকীক জীয়াই ৰাখিম।” অনুষ্ঠানত উপস্থিত পর্যটনমন্ত্রী জয়ন্তমল্ল বৰুৱাই কয় “এনে এজন মহান ব্যক্তিৰ সোঁৱৰণি অনুষ্ঠানত উপস্থিত থাকিব পাই আনন্দিত হৈছো। ৰাজ্যখনত ভাষাক কেন্দ্ৰ কৰি বহুতো হিংসা বিদ্বেষ হৈ গৈছে, ইয়াৰ কুফলো ভুগিব লগা হৈছে অসমবাসীয়ে। ভাষাৰ ভিত্তিত এই ৰাজ্য বিভক্ত হৈছে। বর্তমান সকলো ভাষাৰ মাজত সমন্বয় গঢ়ি তুলিব নোৱাৰিলে অসম আকৌ বিভক্ত হ’ব পাৰে। সেই কাৰণে সকলো ভাষাৰ মাজত সমন্বয় গঢ়ি তুলিব বিচাৰে ৰাজ্য চৰকাৰে।”

অনুষ্ঠানত উপস্থিত থাকি সংখ্যালঘু উন্নয়নমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰি অনুষ্ঠানত উপস্থিত থকা সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ সকলো কৰ্মকৰ্তাৰ শলাগ লয়। লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্রতিযোগীক উৎসাহ দি কয়, বাংলা সাহিত্যৰ এনে এৰাকী বিদগ্ধ পণ্ডিতৰ স্মৃতিত অনুষ্ঠিত কৰা এই অনুষ্ঠানৰ বাঙালি সম্প্ৰদায়ৰ লগতে বিশেষকৈ অসমৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰতিযোগীয়ে অংশগ্রহণ কৰি মাদকতা বৃদ্ধি কৰাৰ লগতে সমন্বয়ৰ উদাহৰণ দাঙি ধৰিছে। অনুষ্ঠানত ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবার্ষিকী উদযাপন ৰাজ্যিক কমিটিৰ সদস্য সুশান্ত বিশ্বাস, উপাধ্যক্ষ অসম ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদ, অসম চৰকাৰ, ড° সৌমেন ভাৰতীয়া, ড° শান্তনু সান্যাল, ৰঙ্গদুলাল দে, মিতা সেন, বিশ্বজিৎ চক্ৰৱৰ্তী, সুজিত সৰকাৰ আদি সদস্যবৃন্দ।  ড° সৌমেন ভাৰতীয়াই কয়, এই ধৰণৰ অনুষ্ঠান প্রতি বছৰ আড়ম্বৰপূৰ্ণভাৱে পালন কৰিবলৈ আমি সকলো ধৰণৰে প্ৰচেষ্টা চলাম। অসমৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰতিযোগীসকলে এই অনুষ্ঠানত অংশগ্রহণ কৰাত অসমৰ সকলো জনগোষ্ঠীৰ মাজত ঐক্য, সম্প্রীতি আৰু সমন্বয় গঢ়ি তোলাৰ এক বিপুল সম্ভাৱনা সৃষ্টি হৈছে। অসমৰ ঊনৈশখন চহৰৰ প্ৰতিযোগী আৰু অভিভাৱকৰ লগতে গুৱাহাটীৰ স্থানীয় ৰাইজৰ বিপুল সঁহাৰিত অনুষ্ঠানটি সাফল্যমণ্ডিত হয়। অহা বছৰ এই ৰবীন্দ্ৰজয়ন্তী অনুষ্ঠানটি ২৫ বহাগত পালন কৰা হ’ব বুলি আয়োজক সকলে জনায়।