বাজাজ এলিয়াঞ্জ লাইফ ইনভেষ্ট প্ৰটেক্ট গ’লে উচ্চ জীৱন আৱৰণৰ সৈতে অতুলনীয় বিত্তীয় সুৰক্ষা প্ৰদান কৰে

87

বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে বজাৰ-সংযুক্ত ৰিটাৰ্নৰ সৈতে হাই লাইফ কভাৰ(অধিক পৰিমাণৰ জীৱন বীমা)ৰ সংমিশ্ৰণেৰে বাজাজ এলিয়ানজ লাইফ ইনভেষ্ট প্ৰটেক্ট গ’লৰ নতুন সংস্কৰণ মুকলি কৰিছে। গ্ৰাহকক নিজৰ পৰিয়ালৰ জীৱনৰ লক্ষ্য সুৰক্ষিত কৰাৰ লগতে সম্পদ সৃষ্টি কৰাত সহায় কৰিবলৈ দুয়োটাক একে সময়তে বিশেষভাৱে ডিজাইন কৰা হৈছে।

তদুপৰি গ্ৰাহকসকলে প্লেনৰ সৈতে প্ৰদান কৰা ৰাইডাৰৰ জৰিয়তে অক্ষমতা বা বিকলাংগতা আৰু মৃত্যুৰ বিপৰীতে অতিৰিক্ত দুৰ্ঘটনা কভাৰো লাভ কৰিব পাৰে। আপোনাৰ প্ৰয়োজন অনুসৰি বাজাজ এলিয়াঞ্জ লাইফ ইনভেষ্ট প্ৰটেক্ট গ’লে জীৱন বীমা আৱৰণৰ পৰিমাণ বাছনি কৰাৰ নমনীয়তা প্ৰদান কৰাৰ লগতে সুৰক্ষা আৰু সমৃদ্ধিৰ এক অনন্য সংমিশ্ৰণ প্ৰদান কৰে। বাজাজ এলিয়াঞ্জ লাইফৰ এই বিস্তৃত প্লেনে এজন ব্যক্তিৰ বিত্তীয় লক্ষ্য অনুসৰি সুৰক্ষা আৰু প্ৰাপ্তিৰ বাবে সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত হ’ব পাৰে।

বাজাজ এলিয়াঞ্জ লাইফ ইনভেষ্ট প্ৰটেক্ট গ’লে সপ্তম পলিচী বৰ্ষৰ পৰা প্ৰিমিয়াম আৱণ্টন মাচুল ঘূৰাই দিয়া আৰু মৰ্টেলিটী(মৃত্যু) চাৰ্জ ঘূৰাই দিয়া সুবিধাও আগবঢ়ায়, এই বিকল্প সুবিধাসমূহে গ্ৰাহকসকলৰ পুঁজিৰ মূল্য বৃদ্ধি কৰাত অধিক সহায় কৰে।