স্কিল ইণ্ডিয়াই আৰম্ভ কৰিছে বৃহৎ অভিযান : ৫.৫ লাখ+ক এপ্ৰেণ্টিশ্বিপৰ সুযোগ

139

ৰাষ্ট্ৰীয় শিক্ষানৱিশ প্ৰসাৰ আঁচনি(এন এ পি এছ)ৰ বৃহৎ উত্থানৰ এই সময়ছোৱাত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে(এমএছডিই) বিভিন্ন খণ্ডত গুণগত এপ্ৰেণ্টিছশ্বিপ দক্ষতা প্ৰশিক্ষণক গুৰুত্ব প্ৰদানৰ বাবে নিজৰ অটল প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে। যোৱা ৩ বছৰত নামভৰ্তিৰ পৰিমাণ তিনিগুণ বৃদ্ধি পাই ২০২৩- ২৪ বিত্তীয় বৰ্ষত নেচনেল এপ্ৰেণ্টিছশ্বিপ প্ৰমোচন স্কিমৰ অধীনত ৯,৩১,৩৬৮গৰাকী যুৱক-যুৱতীক সামৰি ল’বলৈ সক্ষম হৈছে।

কেৱল মহাৰাষ্ট্ৰতে এই আঁচনিখনৰ অধীনত ২,৬৩,১৫৬জন যুৱকে অংশগ্ৰহণ কৰিছিল, যিয়ে উদীয়মান প্ৰতিভাধৰসকলৰ বাবে সামৰ্থ গঢ়ি তোলা, নিয়োগৰ প্ৰস্তুতি বৃদ্ধি আৰু চাকৰিৰ বাবে সাজু কৰি তোলাৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত নিজৰ ক্ষমতাক উজ্জ্বল কৰি তুলিছে। এই ক্ষেত্ৰত আগবঢ়া আন ৰাজ্যসমূহ হ’ল ক্ৰমে তামিলনাডু (১,০১,৪৯৫), গুজৰাট (৮৩,৭৩০), কৰ্ণাটক (৭৮,৪৪৪) আৰু উত্তৰ প্ৰদেশ (৭১,৪৪৪)।

নেচনেল এপ্ৰেণ্টিশ্বিপ প্ৰমোচন স্কিম(এনএপিএছ)তৰ জৰিয়তে ৩২+ লাখ এপ্ৰেণ্টিছ, ৪৭,০০০ সক্ৰিয় প্ৰতিষ্ঠান আৰু দেশৰ সকলো ৰাজ্যতে ৫.৫ লাখ এপ্ৰেণ্টিশ্বিপৰ সুযোগ লাভ কৰিছে। বৰ্তমান ৩৬টা খণ্ডত ১০০০ৰো অধিক অনুমোদিত পাঠ্যক্ৰম আবেদনৰ বাবে উপলব্ধ। ডিবিটিৰ জৰিয়তে এপ্ৰেণ্টিশ্বিপ গ্ৰহণ কৰা বেংক একাউণ্টলৈ ৩৫০+ কোটিৰো অধিক ধন ট্ৰেন্সফাৰ কৰা হৈছে। যোৱা ৫ বছৰত মহিলা শিক্ষানৱিশৰ সংখ্যা ৭%ৰ পৰা ২১%লৈ বৃদ্ধি পাইছে। এই বিষয়ে এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে কয় যে, “পৰৱৰ্তী পৰ্যায়ত আঁচনিখনৰ জৰিয়তে নিঃসন্দেহে প্ৰতিষ্ঠানসমূহৰ মাজত হাতে-কামে প্ৰশিক্ষণ লোৱা শিক্ষানৱিশৰ শতকৰা হাৰ বৃদ্ধি পাব।”