ফ্লিপকাৰ্টে ইয়াৰ উচ্চ প্ৰত্যাশিত গ্লেম আপ ফেষ্ট ২০২৪ৰ সংস্কৰণ আয়োজন কৰে

99

ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে ২০২৪ৰ ১৪ জুনত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত নিজৰ বহুপ্ৰত্যাশিত গ্লেম আপ ফেষ্ট ২০২৪ৰ দ্বিতীয় সংস্কৰণ আয়োজনৰ কথা কথা ঘোষণা কৰিছে। দেশৰ অন্যতম বৃহৎ সৌন্দৰ্য সমাৰোহ এই গ্লেম আপ ফেষ্টত ৩,৫০০+ বিউটি এণ্ড লাইফষ্টাইল খণ্ডৰ প্ৰভাৱশালী আৰু গ্ৰাহক শ্ৰেণীৰ ৭০টাতকৈও অধিক আগশাৰীৰ ব্ৰেণ্ডে অংশগ্ৰহণ কৰিব।

গ্লেম আপ ফেষ্টে লাইফষ্টাইল ইনফ্লুৱেঞ্চাৰসকলৰ বাবে এক অতুলনীয় আৰু নিমজ্জিত প্লেটফৰ্ম প্ৰদান কৰিব, যিয়ে সামাজিক মাধ্যমৰ জৰিয়তে নিজৰ অনুগামী-অনুৰাগীসকলৰ বাবে বিভিন্ন ধৰণৰ আকৰ্ষণীয় আৰু উপযোগী সামগ্ৰী প্ৰদৰ্শন কৰি সৌন্দৰ্য আৰু লাইফষ্টাইল সামগ্ৰীৰ অভিজ্ঞতাক জীৱন্ত কৰি তুলিব। বিশেষভাৱে সৌন্দৰ্যৰ বাবে সমৰ্পিত গ্লেম আপ ফেষ্টত উদ্ভাৱনীমূলক ব্ৰেণ্ডৰ শুভাৰম্ভণি, অভিজ্ঞতাভিত্তিক জ’ন আৰু কেইবাগৰাকী চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানে বিউটি এণ্ড স্কিনকেয়াৰ জগতৰ ৩,৫০০ৰো অধিক প্ৰভাৱশালী আৰু ৭০টা জনপ্ৰিয় ব্ৰেণ্ডক একত্ৰিত কৰিব। অনুষ্ঠানত তাপসী পান্নু, সিদ্ধান্ত চতুৰ্বেদী, ৰোহিত চৰফ, আদা শৰ্মা আৰু পছমিনা ৰোশনৰ দৰে তাৰকাই অংশগ্ৰহণ কৰিব।

ল’ৰিয়েল, লেকমে, মে’বিলাইন, চুগাৰ কচমেটিকছ, মামাআৰ্থ, ৰিবক, ৰেভলন, নিউট্ৰ’জেনা আৰু চেটাফিলেৰ দৰে শীৰ্ষ ব্ৰেণ্ডসমূহে অংশ ল’ব লগা অনুষ্ঠানত ভাৰ্চুৱেল ট্ৰাই-অন, ভিডিঅ’ কমাৰ্চ, স্কিন এনালাইজাৰ আৰু বহুতো উদ্ভাৱনী সঁজুলিৰ সৈতে ফ্লিপকাৰ্টৰ এআৰ আৰু ভিআৰ জগতৰ লাভ আদায় কৰিব পাৰিব, যিয়ে বিশাল প্ৰডাক্টৰ পৰিসৰ আৰু এক উন্নত বজাৰ অভিজ্ঞতা প্ৰদান কৰিব। গ্লেম আপ ফেষ্ট ২০২৪ৰ বিষয়ে ফ্লিপকাৰ্টৰ ব্যৱসায়, এফএমচিজি আৰু জেনেৰেল মাৰ্চেণ্ডাইজ বিভাগৰ মুৰব্বী মঞ্জৰী সিংঘালে কয় যে, “ফ্লিপকাৰ্টে গ্লেম আপ ফেষ্টৰ দ্বিতীয় সংস্কৰণে গ্ৰাহকসকলৰ বাবে সৌন্দৰ্যৰ ক্ষেত্ৰখন আৰু বজাৰ কৰাৰ অভিজ্ঞতাক নতুন মাত্ৰা প্ৰদানৰ বাবে সাজু হৈছে -যি হৈছে সবাতোকৈ বৃহৎ এক্সট্ৰাভেগাঞ্জা।”