ফৰ্চুনে উন্মোচন কৰিলে নতুন টিভিচি কেম্পেইন  ‘বনাও কুচ হটকে’

115

আদানী উইলমাৰ লিমিটেডে প্ৰটিন সমৃদ্ধ ব্ৰেণ্ড ফৰ্চুনৰ চয়া চাংকৰ বাবে নতুন ‘বনাও কুচ হটকে’ অভিযান আৰম্ভ কৰিছে। এই ৩৬০ ডিগ্ৰী কেম্পেইনে চয়া চাংকৰ বহুমুখীতাক উপাদান হিচাপে প্ৰদৰ্শন কৰিছে, যিয়ে গ্ৰাহকসকলক উদ্ভাৱনীমূলক আৰু বৈচিত্ৰ্যময় ৰান্ধনীশালৰ বিকল্প অন্বেষণ কৰিবলৈ আৰু নতুন নতুন সোৱাদ বা খাদ্যৰ জুতি ল’বলৈ উৎসাহিত কৰে। ডি ডি বি মুদ্ৰাৰ ধাৰণাৰে প্ৰস্তুত কৰা ‘বনাও কুচ হটকে’ অভিযানত তিনিখন বিজ্ঞাপন ছবি থাকিব, য’ত বহুমুখী প্ৰতিভাধৰ অভিনেতা, কমেডিয়ান আৰু নৃত্যশিল্পী জাভেদ জাফেৰীয়ে হিন্দী ভাষাত আৰু জনপ্ৰিয় প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়ে বাংলা ভাষাত বিজ্ঞাপনৰ বৰ্ণনা কৰিছে।

টিভি আৰু ডিজিটেল চেনেল যেনে ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুককে ধৰি বিভিন্ন মিডিয়া প্লেটফৰ্মত এই বিজ্ঞাপন ছবিখন সম্প্ৰচাৰৰ দিহা কৰা হৈছে। ‘বনাও কুচ হটকে’ টিভিচি দেশৰ আগশাৰীৰ ৰাষ্ট্ৰীয় চেনেলসমূহত সম্প্ৰচাৰিত হ’ব,এই টিভিচিৰ জৰিয়তে দৰ্শকসকলক ঘৰত ৰন্ধন প্ৰণালী নতুনকৈ অন্বেষণ কৰিবলৈ উৎসাহিত কৰা হ’ব।

ব্ৰেণ্ডটোৱে সামগ্ৰীৰ পেকেজিঙৰ জৰিয়তে সংযোগ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে, চয়া চাংকেৰে তৈয়াৰ কৰা ‘হটকে’ ব্যঞ্জন প্ৰদৰ্শন কৰিছে আৰু গ্ৰাহকসকলক নিজৰ মাইক্ৰ’চাইটত অধিক ৰেচিপি অন্বেষণ কৰিবলৈ উত্সাহ যোগাবলৈ কিউআৰ কোড ব্যৱহাৰৰ পৰিকল্পনা কৰিছে। এই প্ৰচাৰ অভিযানত ফৰ্চুন চয়া চাংক ব্যৱহাৰ কৰি নিজৰ অনন্য ৰেচিপি ভাগ বতৰা কৰিবলৈ প্ৰভাৱশালী চেফ(ৰান্ধনী)সকলৰ সৈতে সহযোগিতা কৰিছে। আদানি উইলমাৰ লিমিটেডৰ মিডিয়া এণ্ড ব্ৰেণ্ডৰ মুৰব্বী জিগনেশ শ্বাহে এই বিষয়ে কয় যে, “আমি গ্ৰাহকসকলক এই অভিযানৰ জৰিয়তে বিভিন্ন ৰন্ধন প্ৰণালীত ফৰ্চুন চয়া চাংক ব্যৱহাৰ কৰি ‘হটকে’ ব্যঞ্জন সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত কৰাৰ লক্ষ্য ৰাখিছোঁ।”