বৰপেটাত দ্বিতীয় বাৰ অগপ দলৰ সাংসদ

53

২০২৪ চনৰ দেশৰ অষ্টদশ সাধাৰণ নিৰ্বাচনত ৩ নং বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয় । এই জয়লাভে বৃহৎ সমষ্টিটোৰ ৰাইজ উৎফুল্লিত ।

এম চি কলেজৰ কাউন্টিং কক্ষ স্থলীৰ পৰা সন্ধিয়াৰ ভাগত বিজয়ী প্ৰাৰ্থী গৰাকীক বৃহৎ সংখ্যক সমৰ্থকে এখন গাড়ীত উঠাই লৈ ঢোল পেপা গগনাৰে নাচি বাগি বৰপেটাৰ প্ৰধান পথেৰে সমদল কৰি ফটকা ফুটাই দলৰ কাৰ্যালয়লৈ লৈ অহা হয় । লক্ষনীয়ভাৱে বিগত ১৯৮৫ চনত প্ৰথম বাৰৰ বাবে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী আতোৱাৰ ৰহমানে নিৰ্বাচিত হোৱাৰ পাছত অগপ আৰু বাওঁমৰ্চাৰ সন্মিলিত প্ৰাৰ্থী উদ্ধৱ বৰ্মণে ১৯৯১ আৰু ১৯৯৬ চনত দুবাৰৰ বাবে নিৰ্বাচিত হৈছিল ।

লক্ষনীয়ভাৱে সমষ্টি পুনৰ্গঠনৰ পূৰ্বে বৰপেটা লোকসভা সমষ্টিটো সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাধান্য সমষ্টি হিচাপে পৰিগণিত আছিল । যাৰ ফলত কংগ্ৰেছ দলে সংখ্যালঘু সম্প্ৰদায়ৰ বৃহৎ ভোট লাভ কৰি বেছিভাগ সময়তে নিৰ্বাচিত হৈ আহিছিল ।

নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীলৈ সকলোৱে শুভেচ্ছা আৰু অভিনন্দন জনাইছে ।