চেমচাঙে আল্ট্ৰা-প্ৰিমিয়াম টিভি ক্ৰয়ৰ বাবে লৈ আহিছে ‘বিগ টিভি ডে’জ’

83

দেশৰ সৰ্ববৃহৎ গ্ৰাহক ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে নিজৰ ডাঙৰ টিভিসমূহত আকৰ্ষণীয় অফাৰ আগবঢ়াইছে, য’ত আছে আল্ট্ৰা প্ৰিমিয়াম নিঅ’ কিউএলইডি, অ’এলইডি আৰু ক্রিষ্টেল ৪কে ইউএইচডি টিভি ইত্যাদি। ক্ৰিকেট ষ্টেডিয়ামখনক সঁচা অৰ্থত ঘৰলৈ আনি ব্যৱহাৰকাৰী বা গ্ৰাহকৰ মনোৰঞ্জন অভিজ্ঞতাক নতুন মাত্ৰা প্ৰদানৰ বাবে টি-২০ ক্ৰিকেট বিশ্বকাপৰ কথা ভাবি ‘বিগ টিভি ডে’জ’ৰ অফাৰ মুকলি কৰা হৈছে।

‘বিগ টিভি ডে’জ’ৰ সময়ত ক্ৰয় কৰা চেমচাং টিভিসমূহে ক্ৰয় কৰা টিভিৰ ওপৰত নিৰ্ভৰ কৰি গ্ৰাহকসকলক ৮৯,৯৯০ টকাৰ ফ্ৰী চেৰিফ টিভি বা ৭৯,৯৯০ টকাৰ চাউণ্ডবাৰৰ অফাৰ আগবঢ়াইছে। গ্ৰাহকসকলে ২,৯৯০ টকাৰ প্ৰাৰম্ভিক মূল্যত সহজ ইএমআই আৰু ২০% পৰ্যন্ত কেছবেক লাভ কৰিব পাৰে। ২০২৪ৰ ১ জুনৰ পৰা ৩০ জুনলৈকে বৈধ(ভেলিড) এই অফাৰসমূহ বিভিন্ন আকাৰৰ নিঅ’ কিউএলইডি, অ’এলইডি আৰু ক্রিষ্টেল ৪কে ইউএইচডি টিভিৰ নিৰ্বাচিত মডেলত উপলব্ধ। এই অফাৰসমূহ Samsung.com, আগশাৰীৰ খুচুৰা আউটলেট আৰু অন্যান্য বিভিন্ন অনলাইন প্লেটফৰ্মত উপলব্ধ, গতিকে দেশজুৰি গ্ৰাহকৰ সুবিধা অনুসৰি অফাৰ গ্ৰহণ কৰিব পাৰে। চেমচাঙে ঘৰুৱা মনোৰঞ্জনত কৃত্ৰিম বুদ্ধিমত্তা (এআই) প্ৰযুক্তিৰ সহায় লৈ গ্ৰাহকৰ লাইফষ্টাইলক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু ব্যতিক্ৰমী দৰ্শনৰ অভিজ্ঞতা আগবঢ়াইছে।

চেমচাং ইণ্ডিয়াৰ ভিজুৱেল ডিচপ্লে বিজনেছৰ জ্যেষ্ঠ উপাধ্যক্ষ মোহনদ্বীপ সিঙে এই বিষয়ে কয় যে, “এআই সংযোগে গ্ৰাহকসকলৰ বাবে এক অতুলনীয় ক্ৰিকেট দৰ্শনৰ অভিজ্ঞতা প্ৰদান কৰিছে য’ত ৮কে এআই আপস্কেলিং আৰু এআই ম’চন বঢ়োৱা প্ৰ’ৰ দৰে সুবিধাসমূহ প্ৰদান কৰা হৈছে, যিয়ে নিম্নতম বল বিকৃতি(ডিষ্টৰচন) আৰু ব্লাৰিঙ(অস্পষ্টতা)ৰ সৈতে লাইভ মেচৰ সময়ত ব্যতিক্ৰমী স্পষ্টতা আনিবলৈ একেলগে একে সময়তে কাম কৰে”।