২০২৪ৰ মে’ মাহত মুঠ ৭৬,৭৬৬ ইউনিট বিক্ৰীৰ প্ৰতিবেদন প্ৰকাশ টাটা মটৰ্ছৰ

129

টাটা মটৰ্ছ লিমিটেডৰ ২০২৪ চনৰ মে’ মাহত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত বিক্ৰী ৭৬,৭৬৬ খন বাহন হোৱাৰ বিপৰীতে ২০২৩ চনৰ মে’ মাহৰ ভিতৰত আছিল ৭৪,৯৭৩ ইউনিট। ঘৰুৱা বিক্ৰীৰ প্ৰদৰ্শন ২০২৪ চনৰ মে’ৰ পৰা ২০২৩ চনৰ মে’লৈ ২% বৃদ্ধি পোৱাৰ লগতে মুঠ বিক্ৰী হৈছিল ক্ৰমে ৭৫,১৭৩ আৰু ৭৩,৪৪৮খন বাহন।

২০২৪ চনৰ মে’ আৰু ২০২৩ চনৰ মে’ মাহত ঘৰুৱা বাণিজ্যিক বাহনৰ বৃদ্ধিৰ হাৰ হৈছে ৩%। ২০২৪ চনৰ মে’ মাহত মুঠ ২৮,৪৭৬ খন বাহন বিক্ৰী হোৱাৰ বিপৰীতে ২০২৩ চনত ২৭,৫৭০খন হৈছিল। ২০২৪ চনৰ মে’ মাহত আৰু ২০২৩ চনৰ মে’ মাহত বাণিজ্যিক বাহনৰ মুঠ বিক্ৰী হৈছিল ক্ৰমে ২৯,৬৯১ আৰু ২৮,৯৮৯, যিয়ে ২% বৃদ্ধিৰ হাৰ সূচায়। ২০২৪ চনৰ মে’ মাহত ট্ৰাক আৰু বাছকে ধৰি এমএইচ এণ্ড আইচিভিৰ ঘৰুৱা বিক্ৰী ১২,৯৮৭ ইউনিট হোৱাৰ বিপৰীতে ২০২৩ চনৰ মে’ মাহত হৈছিল ১১,৭৭৬ ইউনিট। ২০২৪ চনৰ মে’ মাহত ট্ৰাক আৰু বাছকে ধৰি এমএইচ এণ্ড আইচিভিৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত মুঠ বিক্ৰী ১৩,৫৩২ ইউনিট হোৱাৰ বিপৰীতে ২০২৩ চনৰ মে’ মাহত আছিল ১২,২৯২ ইউনিট।

২০২৪ চনৰ মে’ আৰু ২০২৩ চনৰ মে’ মাহত মুঠ পিভি ঘৰুৱা (ইভিকে ধৰি) ক্ৰমে ৪৬,৬৯৭খন আৰু ৪৫,৮৭৮খন, এই পৰিমাণে ২% বৃদ্ধিৰ হাৰ সূচাইছে। ২০২৪ চনৰ মে’ আৰু ২০২৩ চনৰ মে’ মাহত মুঠ পিভি (ইভিকে ধৰি) ক্ৰমে ৪৭,০৭৫ আৰু ৪৫,৯৮৪খন, যিয়ে ২% বৃদ্ধিৰ হাৰ প্ৰদৰ্শন কৰিছে। টাটা মটৰ্ছ লিমিটেডৰ সহযোগী প্ৰতিষ্ঠান টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড আৰু টাটা পেচেঞ্জাৰ ইলেক্ট্ৰিক মবিলিটী লিমিটেডৰ বিক্ৰীও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।