উৎকৰ্ষ স্মল ফাইনেঞ্চ বেংকৰ ঝাৰখণ্ডত ৯০০ সংখ্যক আউটলেট মুকলিৰে পদচিহ্নৰ সম্প্ৰসাৰণ

129

ঝাৰখণ্ডৰ ৰাঁচীৰ খুণ্টিত উৎকৰ্ষ স্মল ফাইনেঞ্চ বেংক লিমিটেডে মুকলি কৰিলে ৯০০সংখ্যক বেংক আউটলেট। এই শাখাটোৰ লগতে বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত আজি মুঠ ৭টা নতুন আউটলেট মুকলি কৰিলে বেংকটোৱে। এই মুকলিৰ লগে লগে বেংকটোৱে এতিয়া ঝাৰখণ্ডত ৮১টা বেংক আউটলেটসহ সমগ্ৰ দেশৰ মুঠ ৯০৩টা আউটলেটত সেৱা অব্যাহত ৰাখিছে। নতুন আউটলেটত এতিয়া বেংকৰ বিভিন্ন সামগ্ৰী আৰু সেৱাৰ সুবিধা লাভ কৰিব। ইয়াৰ ভিতৰত আছে চেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট, ফিক্সড ডিপ’জিট, ৰেকাৰিং ডিপ’জিট আৰু বিভিন্ন ঋণৰ বিকল্প যেনে গৃহ নিৰ্মাণ ঋণ, ব্যৱসায়িক ঋণ, সম্পদৰ বিপৰীতে ঋণ, ক্ৰেডিট, বীমা, বিনিয়োগ সামগ্ৰী ইত্যাদি। বেংকৰ বিস্তৃত আন্তঃগাঁথনি, ডিজিটেল বেংকিং সামৰ্থ্য আৰু এটিএম নেটৱৰ্কৰ লক্ষ্য হৈছে একত্ৰিত গ্ৰাহক সেৱা প্ৰদান কৰা।

“আজি আমাৰ বাবে এক যুগান্তকাৰী দিন, কিয়নো আজি আমি ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ খুণ্টিত আমাৰ বেংকৰ আমাৰ ৯০০সংখ্যক বেংকিং আউটলেটৰ উদ্বোধন কৰিলোঁ। ঝাৰখণ্ড আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাজ্য আৰু সমগ্ৰ বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশত আমাৰ ৭টা নতুন বেংকিং আউটলেট মুকলিয়ে এই অঞ্চলসমূহৰ প্ৰতি আমাৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰিলে।” বেংকৰ সম্প্ৰসাৰণৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি এইদৰে কয় উৎকৰ্ষ স্মল ফাইনেঞ্চ বেংক লিমিটেডৰ এমডি এণ্ড চিইঅ’ গোবিন্দ সিঙে। বেংকে জইণ্ট লায়েবিলিটী গ্ৰুপ (জেএলজি) মডেলৰ ভিত্তিত ক্ষুদ্ৰ বিত্তীয় ঋণ বিভিন্ন ব্যক্তিগত, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এমএছএমই) ঋণ, গৃহ নিৰ্মাণ ঋণ (এইচএল), ব্যক্তিগত ঋণ, বাণিজ্যিক বাহন ঋণ, নিৰ্মাণ সঁজুলি ঋণ আৰু ঋণ লোৱাসকলক পাইকাৰী ঋণৰো সুবিধা প্ৰদান কৰে।

উৎকৰ্ষ স্মল ফাইনেঞ্চ বেংকৰ গ্ৰাহকসকলে বিভিন্ন মাধ্যম যেনে বেংকিং আউটলেট, মাইক্ৰ’ এটিএম (বেংকিংৰ সময়ত), ইণ্টাৰনেট বেংকিং, মোবাইল বেংকিং, ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (ইউপিআই) আৰু কল চেণ্টাৰৰ জৰিয়তে বেংকিং সেৱা লাভ কৰিব পাৰে। ইয়াৰ লগতে বেংকে টেবলেট ভিত্তিক এপ্লিকেচন সহায়ক মডেল “ডিজি অন-বৰ্ডিঙ”ৰ জৰিয়তে গ্ৰাহকসকলক বেংক আউটলেটলৈ নোযোৱাকৈ বেংক একাউণ্ট খোলাৰ সুবিধা প্ৰদান কৰে।