টাটা টিৰ ‘জাগো ৰে’ অভিযানে বিশ্ব পৰিৱেশ দিৱসত উপকাৰ সাধিব জলবায়ুৰ কাৰ্যপন্থাক

118

টাটা কনজিউমাৰ প্ৰডাক্টছৰ পেকেজড বেভাৰেজ(ভাৰত আৰু দক্ষিণ এছিয়া)ৰ সভাপতি পুনিত দাসে বিশ্ব পৰিবেশ দিৱসৰ দিনা প্ৰেৰণাদায়ক জাগো ৰে অভিযানৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ উল্লেখ কৰিছে। পুনিত দাসে কয় যে, “২০০৭ বৰ্ষৰ পৰা জাগো ৰে পদক্ষেপৰ জৰিয়তে দুৰ্নীতি আৰু ক’ভিড19ৰ বিৰুদ্ধে সজাগতাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত সামাজিক পৰিৱৰ্তনক আগুৱাই নিবলৈ ইয়াক এক আন্দোলন হিচাপে পৰিগণিত হোৱাৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। জলবায়ু পৰিৱৰ্তনৰ জৰুৰী বিশ্বব্যাপী সংকটৰ সৈতে মোকাবিলা কৰিবলৈ আমি সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছোঁ। আজিৰ প্ৰত্যাহ্বানসমূহে আমাৰ শিশুসকলৰ ভৱিষ্যৎ বিপন্ন কৰিছে, এতিয়াই যদিহে ব্যৱস্থা লোৱা নহয় তেন্তে আজি আমি লাভ কৰা নীল আকাশ উত্তৰ প্ৰজন্মই নাপাবওঁ পাৰে।”

জাগো ৰেৰ শেহতীয়া সংস্কৰণে প্ৰদৰ্শন কৰিছে প্ৰাথমিক আৰু জৰুৰী প্ৰতিপালনৰ অন্তৰ্দৃষ্টি: আমাৰ সন্তানক সুৰক্ষিত কৰা আৰু ভৱিষ্যৎ সুৰক্ষিত কৰাৰ প্ৰবৃত্তি। ই গ্ৰাহকসকলক জলবায়ু পৰিৱৰ্তনৰ সৈতে যুঁজিবলৈ সৰল, কাৰ্যকৰী উপায় লাভৰ বাবে Jaagore.comত ক্লিক কৰি দৰ্শন কৰিবলৈ আহ্বান জনাইছে, বৰ্তমানে সকলোৱে অনুভৱ কৰা জটিল আৰু গুৰুতৰ সমস্যা যেন লগা সমস্যাসমূহক নিয়ন্ত্ৰণযোগ্য পদক্ষেপলৈ ৰূপান্তৰ কৰিব।

টাটা টিয়ে আমাৰ প্লেটফৰ্মক সামাজিক কল্যাণৰ বাবে ব্যৱহাৰ কৰাত দৃঢ়তা প্ৰদৰ্শন কৰিছে, টাটা কনজিউমাৰ প্ৰডাক্টছৰ পেকেজড বেভাৰেজ (ভাৰত আৰু দক্ষিণ এছিয়া) শাখাৰ সভাপতি পুনিত দাসে পুনৰ উল্লেখ কৰি কয় যে, “ব্যক্তিগত বৰঙণি আগবঢ়োৱা ক্ষুদ্ৰ-ডাঙৰ প্ৰয়াস আৰু অৱদান সকলোবোৰেই গুৰুত্বপূৰ্ণ। সকলোৱে সহযোগিতাৰে আমি পৰিৱৰ্তনৰ বাবে এক শক্তিশালী ফৰ্ছৰ সৃষ্টি কৰিব পাৰোঁ, যাতে বহনক্ষম জীৱন যাপনক সমৰ্থন কৰাৰ লগতে আমাৰ সন্তানে এক সমৃদ্ধ, স্বাস্থ্যৱান পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাটো নিশ্চিত কৰিবলৈ দায়িত্বশীল পদক্ষেপ বা কাৰ্যক সমৰ্থন কৰিব পাৰোঁ।”